
শনিবাৰে পুৱা যন্তৰ-মন্তৰত (Jantar Mantar) অনশনস্থলীৰ (Hunger strike site) পৰা দিল্লী আৰক্ষীৰ জোৱানে বলপূৰ্বকভাৱে আঁতৰাই নিয়াৰ পিছত বৃহৎ আন্দোলনৰ কথা ঘোষণা কৰিছিল সোণম ৱাংচুকে (Sonam Wangchuk)। সোমবাৰে শান্তিপূৰ্ণ দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে আৰু দিল্লীত ৰেলী আৰু সমদলৰ কথা ইতিমধ্যে ঘোষণা কৰিছিল। ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক সভাপতি অভিজিৎ দীপকেয়ে (abhijit deepke) এইবাৰ যন্তৰ-মন্তৰত অনিৰ্দিষ্টকাললৈ অনশনত বহিব বুলিও অৱগত কৰিছিল। কিন্তু শনিবাৰে বিয়লি যন্তৰ-মন্তৰৰ অনশনস্থলীতে চিয়াঁহীৰ আক্ৰমণৰ বলি হয় অভিজিত দীপকে।

এই ঘটনাই যন্তৰ-মন্তৰ অনশনস্থলীত সাময়িকভাৱে উত্তেজনাৰ সৃষ্টি কৰে। অভিজিতৰ ওপৰত চিয়াঁহী নিক্ষেপ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী মহিলাক। উল্লেখ্য যে ককৰোচ জনতা পাৰ্টীয়ে নীট কেলেংকাৰীৰ পিছত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত যোৱা ২০ জুনত যন্তৰ-মন্তৰত প্ৰতিবাদ আৰম্ভ কৰিছিল। ইয়াৰে ৭ দিনৰ পাছত সোণম ৱাংচুকে অনশন আৰম্ভ কৰে। শনিবাৰে পুৱা অনশনৰ ২১ দিনত সাধাৰণ পোছাক পৰিহিত আৰক্ষী যন্তৰ-মন্তৰ চৌহদত উপস্থিত হয়। অভিযোগ অনুসৰি, অনশন কৰি থকা সমাজকৰ্মী তথা শিক্ষাবিদজনক ধৰ্ণা মঞ্চৰ পৰা আঁতৰাই ছফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।












