ASSAM TIMES POST
চন্দ্ৰছিং টেৰণ হাইস্কুল ইক’ ক্লাৱৰ উদ্যোগতো হ’ল বৃক্ষ ৰোপণ
ডিফু : সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুতো বিশ্ব পৰিবেশ দিৱসটি পালন কৰা হয় ৷ চহৰখনৰ চৰকাৰী, বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে স্কুল, কলেজ, আৱাস গৃহ আদিতো গছপুলি ৰোপন কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে ৷ এই উদ্দেশ্য আজি পুৱাৰ ভাগত কাৰবি আংলং বন বিভাগ পশ্চিম সংমণ্ডলৰ উদ্যোগত ডিফু মাটিপুং পথৰ আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ পথৰ কাষত এক বৃক্ষ পুলি ৰোপন কাৰ্যসূচী অনুষ্ঠিত হয় ৷ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য ৰোপক হিচাপে আনুষ্ঠানিক ভাবে এজোপা বৃক্ষ ৰোপন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে ৷
মুখ্য কাৰ্যবাহী সদস্যৰ লগতে সাংসদ হৰেণছিং বে’, কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ফৰেষ্ট ব’ৰ্ড চেয়াৰেমেন তথা এমএচি কিচাৰ্ড টকবী, প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেং, বোকাজানৰ বিধায়ক ডা: নোমল ম’মিন, কেইবাগৰাকী ইএম আৰু এমএচি, বনবিভাগৰ মুখ্য বন সংৰক্ষক অভিজিত ৰাভাইয়ো এজোপাকৈ বৃক্ষ পুলি ৰূপায়ণ কৰে ৷ আনহাতে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিশ্ব পৰিবেশ দিৱসৰ পৱিত্ৰ ক্ষণত কাৰবি আংলং জিলাক সেউজ কাৰবি আংলং হিছাপে গঢ়ি তোলাৰ বাবে সংকল্প লোৱাৰ আহ্বান জনায় ৷
লগতে পৰিষদৰ এইবাৰৰ একছন প্লেনত ১০ লাখ বৃক্ষ পুলি বিতৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনায় ৷ এই পুলি প্ৰতিখন গাঁৱৰ চুবুৰীয়ে চুবুৰীয়ে বিতৰণ কৰাৰ ব্যৱস্থা কৰা হব বুলি জনায় ৷কাৰবি আংলঙৰ পৰিবেশ পৰিপাৰ্শকতাত সতেজ কৰি ৰাখিবলৈ বৃক্ষৰ সংৰক্ষণ আৰু সংবৰ্ধৰৰ বহু প্ৰয়োজন বুলি মন্তব্য কৰে ৷
আনহাতে ডিফুৰ চন্দ্ৰছিম টেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইক’ ক্লাৱৰ উদ্যোগতো বিদ়্যালয় চৌহদতো অনুষ্ঠিত হয় বৃক্ষ পুলি ৰোপন কাৰ্যসূচী ৷ এই উদ্যেশ্যে বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি মজাহাৰুল ইছলামে বৃক্ষপুলি ৰোপণ কৰি কাৰ্যসূচী শুভাৰমিভ কৰাৰ পিছত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণিমা পাঠকেকে ধৰি অনান্য বিষয় শিক্ষক- শিক্ষয়িত্ৰী সকলেও গছপুলি ৰোপণ কৰি বিশ্ব পৰিবেশ দিৱস পালন কৰে ৷ বৃক্ষ ৰোপন কাৰ্যসূচী থলীত বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি মজাহাৰুল ইছলামে কয়যে বৃক্ষ ৰোপণ কাৰ্য সূচী এক মহৎ কাম৷ বৃক্ষ পুলি ৰোপণ কাৰ্যই পৰিবেশ আৰু পৰিপাৰ্শিক সুস্থ কৰি ৰখাৰ লগতে এই বৃক্ষ ৰোপণে ভৱিষ্যত প্ৰজন্মক অধিক সুৰক্ষিত কৰি ৰাখিব বুলি মন্তব্য কৰে ৷













