ASSAM TIMES POST
ডিফু : ডিফুবাসীৰ বাবে এটি সুখবৰ! আজিৰে পৰা পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত উপলব্ধ হ’ব বিনামূলীয়া ডায়ালাইছিচ সেৱা ৷ বৃক্কৰ জটিল ৰোগত আক্ৰান্তসকলে পাব ডাঙৰ সকাহ ৷ আজিৰ পুৱাৰ ভাগত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ পুৰণি ব্লকত এই সেৱা মুকলি কৰা হয় ৷ ডিফু অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ নকুল শ্যামে ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে বিনামুলীয়া ডায়ালাইছিচ সেৱা ৷

মুখ্য মন্ত্ৰীৰ বিনামূলীয়া ডায়ালাইছিচ সেৱাৰ অধীনত আজিৰে পৰা ডিফুত এই সেৱাৰ শুভাৰম্ভ হৈছে ৷ এপল’ হাস্পাতালৰ পৰা অনা ৫টাকৈ ডায়ালাইছিচ মেচিনৰ আজি সেৱা কেন্দ্ৰটিত তিনিটাহে স্থাপন কৰা হৈছে বুলি দায়ত্বত থকা চ্কিৎসক উইলচন তিমুঙে জানিবলৈ দিছে ৷ প্ৰথম গৰাকী ডায়ালাইছিচ ৰোগী হিছাপে খটখটীৰ নিলীমা দাস (৫৬) নামৰ ৰোগীজনে বিনামূলীয়া ডায়ালাইছিচ চিকিৎসা গ্ৰহণ কৰে৷













