ASSAM TIMES POST
ডিফু : লকডাউনৰ সময়ত ঘৰুৱা হিংসা, স্বামীৰ অত্যাচাৰ উৎপীড়ণৰ বলি হোৱা মহিলাসকললৈ আইনী সুবিধা আগবঢ়াব খুজিছে অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণে ৷ অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ ৰাজ্যিক সদস্য সচিব নয়ন শঙ্কৰ বৰুৱাই এক নিৰ্দেশনা যোগে ৰাজ্যৰ বিভিন্ন আইন সেৱা প্ৰাধিকৰণলৈ নিৰ্দেশনা প্ৰেৰণ কৰি জিলা আইন সেৱা প্ৰাধিকৰণ, সমাজ কল্যাণ কাৰ্যালয়, ওৱান ষ্টপ কাৰ্যালয়ৰ জৰিয়তে তেনে ভুক্তভোগী মহিলাক আইনী সেৱা, সুবিধা আগবঢ়ালৈ ষ্টেণ্ডাৰ্ড অপাৰেটিং ছিষ্টেম (এছঅ’পি) ৰ জৰিয়তে বিনামূলীয়া অভিজ্ঞ অধিবক্তাৰ পেনেল গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ ভুক্তভোগী মহিলা সকলে পেনেলৰ অধিবক্তা সকলৰ লগত নিজৰ সমস্যাৰ সন্দৰ্ভত আলোচনা কৰি আইনী সেৱা লাভ কৰিব পাৰিব বুলি জানিব পৰা গৈছে ৷
আনহাতে, অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ ২৮ মে’ত জাৰি হোৱা নিৰ্দেশনাৰ প্ৰতি সম্মান জনাই কাৰবি আংলং জিলা আইন সেৱা প্ৰাধিকৰণে লকডাউনৰ সময়ত জিলাখনত ঘৰুৱা, হিংসা, উৎপীড়নৰ বলি হোৱা দূৰ্ভগীয়া মহিলা সকলক সমাজ কল্যাণ কাৰ্যালয় আৰু ৱান ষ্টপ কাৰ্যালয়ৰ জৰিয়তে পেনেলত অন্তৰ্ভূক্ত অধিবক্তাৰ জৰিয়তে আইনী সুবিধা আগবঢ়োৱাৰ প্ৰচেষ্টা হাতত লৈছে বুলি জানিব পৰা গৈছে ৷ জিলা আইন সেৱা প্ৰাধিকৰণে এইলৈ ৰশ্মি ভড়ালী, কণিকা বিশ্বাস, ৰুবি চৰকাৰ, জিতু পাল, উত্তম পাল, কেশৱ পাল আৰু দেমালু হাঞ্চুক লৈ এক অধিবক্তাৰ পেনেল গঠন কৰিছে ৷
ভুক্তভোগী মহিলাসকলক আইনী সেৱা আগবঢ়াবলগীয়া এছ অ’ পি যুক্ত নিৰ্দেশনা জিলা উপায়ুক্ত কাৰ্যালয় চৌহদ, আদালত চৌহদ আৰু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ লগতে গুৰুত্বপূৰ্ণ ঠাইসমূহত নিৰ্দেশনাৰ প্ৰতিলিপি আঁৰি ৰখা হব বুলি জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নেগিব আহমেদে জানিবলৈ দিছে ৷ ইয়াৰোপৰি জিলা আৰক্ষী অধীক্ষকক সৰলো পুলিচ থানাৰ জৰিয়তে ইচ্ছুক মহিলাসকললৈ ডিএলএছএৰ আইনী সেৱা প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷













