ASSAM TIMES POST
ডিফুৰ পৰা ছাইদুল ইছলাম
ডিফু : নিখিল ভাৰত কংগ্ৰেছে লকডাউনৰ দৰিদ্ৰ জনতাৰ সমৰ্থনত দেশজোৰা আৰম্ভ কৰা ‘স্পীক আপ ইণ্ডিয়া ” সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে কৰ’না সংক্ৰমণৰ ফলত আৰোপিত হোৱা লকডাউনৰ ফলত বিভিন্ন সমস্যাৰ সন্মূখীন হোৱা দেশৰ কোটি কোটি লোকৰ বাবে চৰকাৰে ইতিমধ্যে কেইবাখনো জনকল্যাণমুলক আঁচনি গ্ৰহণ কৰিছে যদিও আঁচনি সমূহ ৰূপায়ণৰ নামত ব্যাপক দূৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ আনিছে কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিয়ে ৷ আজি ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলক সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ডাঃ মংবে ৰংপি, কাৰ্বি আংলং জিলা কংগ্ৰেছৰ উপসভাপতি ৰতন ইংতি আৰু সাধাৰণ সম্পাদক সুৰেণ ছিংনাৰে এই দূৰ্যোগৰ মূহুৰ্তত দূৰ্দশাৰ সন্মূখীন হোৱা লোকসকলৰ বাবে কেইবাটাও সা- সুবিধাৰ দাবী জনোৱাৰ লগতে চৰকাৰী আঁচনি ৰূপায়ণৰ নামত বিজেপিৰ বিৰুদ্ধে ব্যাপক দূৰ্নীতিৰ অভিযোগ উত্থাপন কৰি সমালোচনাত সৰৱ হৈ পৰে ৷
সংবাদমেলযোগে বিৰোধী দলটোৰ নেতৃবৰ্গই এমজিএনৰেগাৰ কামৰ সময় দুশ দিনলৈ বৃদ্ধি কৰা , দুখীয়া লোক সকলক ১০হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা, ক্ষুদ্ৰ ব্যৱসায়ী সকলক আৰ্থিক সাহায্য প্ৰদান কৰা আৰু নিজ ৰাজ্যলৈ আহিব বিচৰা সকলক অহাৰ সুবিধা কৰি দিয়াৰ বাবে চৰকাৰক দাবী জনায় ৷ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ডা: মংবে ৰংপিয়ে দিল্লীৰ এইমছৰ ৫০ গৰাকী স্বাস্থ্য কৰ্মীৰ দেহত কৰ’নাৰ সংক্ৰমণ প্ৰসংগৰ কথা উল্লেখ কৰি চৰকাৰে নিম্ন মানৰ পিপিই কিট আৰু অনান্য সুৰক্ষা সামগ্ৰী প্ৰদানৰ ফল স্বৰূপেই এনে হবলৈ পালে বুলি অভিযোগ কৰে ৷
জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰেণ ছিংনাৰে প্ৰধান মন্ত্ৰীৰ বিশেষ সাহায্য পূঁজীৰ হিছাপ ৰাজহুৱা কৰাৰ দাবী জনোৱাৰ লগতে কৰ’নাবিৰোধী যুঁজৰ বাবে কেৱল পূঁজীপতিয়েই নহয় সাধাৰণ জনতাইয়ো বৰঙণি আগবঢ়াইছে বুলি উল্লেখ কৰি সেয়ে জনতাৰ এই বিচৰাৰ অধিকাৰ থকা বুলি দাবী কৰে ৷ সংবাদমেলখনত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত ব্যাপক দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি প্ৰকৃত কৃষকসকল এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
কৃষকৰ পৰিৱৰ্তে এই আঁচনিৰ হিতাধিকাৰীৰ তালিকাত চাকৰিয়াল, ব্যৱসায়ী, একেটা পৰিয়ালৰ কেইবাজনৰ নাম থকাৰ লগতে বিজেপিৰ নেতা- কৰ্মীসকলে কৃষকসকলক বঞ্চিত কৰি হিতাধিকাৰীৰ তালিকাত নিজৰ পৰিয়ালৰ লোকৰ নাম অন্তৰ্ভূক্ত কৰাৰ অভিযোগ উত্থাপন কৰে৷ আঁচনিৰ হিতাধিকাৰীৰ তালিকাত বহু বহিৰাগত লোকৰ নামো অন্তৰ্ভূক্ত হোৱাৰ কথা অভিযোগ কৰে নেতৃবৰ্গই ৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণৰ নামতো ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ দলৰ নেতা কেইগৰাকীয়ে ৰেচন কাৰ্ড নোহোৱা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলে লাভ কৰিবলগীয়া এহাজাৰ টকীয়া সাহায্যৰ ধনো সম্পূৰ্ণৰূপে লাভ নকৰাৰ অভিযোগ কৰে৷
আনহাতে, জিলা কংগ্ৰেছৰ উপসভাপতি ৰতন ইংতিয়ে কয় যে, মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বহিঃৰাজ্যত আৱদ্ধ হৈ পৰা শ্ৰমিক সকলক বাটত প্ৰয়োজনীয় আহাৰ যোগান ধৰি সম্পূৰ্ণ বিনমূলীয়াকৈ নিজ নিজ ৰাজ্যত আনিব লাগে বুলি দাবী জনায় জনায় ৷













