ASSAM TIMES POST
ডিফু : ট্ৰাক চালকৰ অতি দৌৰাত্ম্যৰ ফলত আজি পুৱতি নিশা ডিফুত সংঘটিত হয় এক ভয়াবহ পথ দূৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱতি নিশা এক ভয়ঙ্কৰ শব্দ শুনি ডিফু-লামডিং পথৰ পিডব্লিউডি তিনিআলিৰ ৰাস্তাৰ কাষত থকা এঘৰ ভাড়াটীয়াই থতমত খাই সাৰ পাই দেখে এটা প্ৰকাণ্ড ১৮ চকীয়া ট্ৰাক তেওঁলোকৰ ঘৰৰ ৱালৰ ওপৰত বাগৰি পৰিছে আৰু তেওঁলোকৰ শিশু কন্যাৰ ভৰিৰ ওপৰত ৱালে চেঁপিছে ৷
ইয়াৰ পিছত গিৰিহতে ইটাবোৰ আঁতৰাই শিশু কণ্যাক কথমপি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ দূৰ্ঘটনাৰ ফলত ঘৰখনৰ কিছু আঁচ-বাবৰ ক্ষতি সাধন হয় বুলি ঘৰৰ গিৰিহতে জানিবলৈ দিছে ৷ দূৰ্ঘটনাত পতিত হোৱা NL 01 AA 0225 পঞ্জীয়ন নম্বৰৰ ১৮ চকীয়া ট্ৰাকখন ৰেলৰ শ্লীপাৰ ভৰ্তি কৰি লামডিঙ দিশৰ পৰা ডিফু অভিমুখে আহি থাকোতে আজি পুৱতি নিশা প্ৰায় তিনিমান বজাত এই দূৰ্ঘটনাটো হোৱাৰ লগতে দূৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনৰ চালক, হেণ্ডিমেন পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ এই সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷













