ASSAM TIMES POST
ডিফু : কাৰ্বি আংলঙৰ দুই পাৰ্বত্য জিলাত ইটোৰ-পিছত সিটো ক’ভিড-১৯ পজিটিভ ৰোগীৰ খবৰ ওলায়েই আছে ৷ ৰাজ্যৰ আন জিলাৰ দৰে কাৰ্বি আংলং জিলাতো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে মাৰাত্মক কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা । শুক্ৰবাৰে জিলাখনৰ বকলীযাঘাট কোৱাৰেন্টাইন কেন্দ্ৰত চিনাক্ত হয় আৰু দুজন কভিড 19 পজিটিভ ৰোগী আৰু ৰোগী দুজন হৈছে ২৩ বছৰীয়া যুবক নিজুমনি নাথ আৰু ১৯ বছৰীয়া ৰাহুল নাথ । দুয়ো চেন্নাইৰ পৰা আহিছিল আৰু ২৪ মে’ৰ পৰা বকলীযাঘাট কোৱাৰেন্টাইন কেন্দ্ৰত কোৱাৰেন্টাইন কৰিছিল ।
৫ দিন পৰ্যবেক্ষণত ৰখাৰ পিছত শুক্ৰবাৰে দুয়োৰে দেহত কভিড 19 পজিটিভ উপস্থিতি ধৰা পৰে। ইতিমধ্যে নিজুমনি আৰু ৰাহুলক এম্বুলেঞ্চেৰে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেললৈ প্ৰেৰণ কৰে । ইয়াৰোপৰি পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকাম চিভিল হাস্পাতালৰ অধীনস্থত থকা টুম্প্ৰেংস্থিত কৃষি বিভাগৰ বীজ ফাৰ্মৰ হোম কোৱাৰেন্টাইনত আজি উৰ্মিলা ছেত্ৰী ওৰফে উৰ্মিলা দেৱী(২৪) নামৰ মহিলা গৰাকীৰ দেহত পুনৰ কভি’ড-১৯ পজিটিভ পোৱা গৈছে ৷
উৰ্মিলা ছেত্ৰী ওৰফে উৰ্মিলা দেৱীৰ ঘৰ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গতস্থিত দয়াংমুখৰ বুলি চৰকাৰী সুত্ৰে জানিব পৰা গৈছে ৷ মহিলাগৰাকীয়ে বহিঃ ৰাজ্য গাজিয়াবাদৰ পৰা বিশেষ ৰে’ল যোগে আহি ডিফুত পোৱাৰ পাচত ডিফুতেই তেজৰ নমোনা সংগ্ৰহ কৰি পিচে টুম্প্ৰেঙস্থিত হোম কোৱাৰেন্টাইনত ৰখা হৈছিল ৷
ইপিনে, মহিলাগৰাকীৰ তেজৰ নমোনা পৰীক্ষা কৰাত কভি’ড-১৯ পজিটিভ ধৰা পৰাত পুনৰ ডিফুস্থিত কভি’ড হাস্পাতাললৈ মহিলাগৰাকীক আজি পুৱাই প্ৰেৰণ কৰে ৷













