ASSAM TIMES POST
ডিফু : কৰ’নাতংকৰ সমান্তৰালকৈ এইবাৰ বানপানীয়েও আতংকিত কৰি তুলিছে পাহাৰীয়া জিলা কাৰবি আংলঙক ৷ ৰুষ্ট প্ৰকৃতিৰ গ্ৰাহত পৰিছে পাহাৰীয়া জিলাখন ৷ সমগ্ৰ বিশ্বতেই কৰ’ণাৰ কভি’ড-১৯’ৰ আতংকৰ সমান্তৰালকৈ দেশত সাগৰীয় ঘূৰ্ণী বতাহ ’আমফান’ৰ লগতে শেষতীয়াকৈ ৰাজ্যত ধাৰাবাহিক ভাৱে হৈ থকা নেৰানেপেৰা বৰষুণত সৃষ্টি হোৱা কপিলী নদীৰ বাঢ়নি বানৰ তাণ্ডৱ আৰু নীপকো ডেম্পৰ পানী এৰাৰ ফলত পশ্চিম কাৰ্বি আংলঙৰ বিস্তৃত এলেকাত প্লাবিত হৈ পৰিছে ৷ কপিলী নদীৰ প্ৰলয়ংকাৰী বানে জিলাখনৰ খেৰণি, শিলডুবি, মেনমেজি, দেৰামুখ, বিথুং চাপৰি, কলঙামুখ, ৰংখাং বনানঞ্চল, সাত গাঁও, ভেলাপাৰা, মুগাচং, টুম্প্ৰেং, হাতীমাৰা, তৰাডুবি আদি বিস্তৃত এলেকাত পৰিদৰ্শন কৰি বানাক্ৰান্তৰ লোক সকলৰ দুৰ্দশা বুজ লোৱাৰ লগতে চাউল আৰু এককালিন ভাৱেই কিছু আৰ্থিক সাহাৰ্য ও প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷
ইয়াৰোপৰি জিলাখনৰ শেষতীয়া প্ৰলয়ংকাৰী বানৰ পৰিস্থিতিৰ সবিশেষ ৰাজ্যৰ বান নিয়ন্ত্ৰন মন্ত্ৰী কেশৱ মহন্তৰ সৈতে ও এক টেলিফোনিক বাৰ্তাৰে আলোচনা কৰা কথা উল্লেখ কৰি বানাক্ৰান্তক কিছু সকাহ দিয়াৰ বাবে প্ৰতি গৰাকী বানাক্ৰান্তক ৩ হাজাৰ টকাকৈ এককালিন ভাৱে প্ৰদান কৰা হ’ব বুলিও মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে সমষ্টিটোত বান পৰিস্থিতি চাই মেলি তৰাডুবিস্থিত নৱ নিৰ্মিত চৰকাৰী বাংলো’ত সমষ্টিবাসীৰ সৈতে হোৱা এক আলোচনাত এই কথা উল্লেখ কৰে ৷
ইপিনে, কপিলী নদীৰ বাঢ়নি বানৰ পৰিস্থিতি বুজ লোৱাৰ সময়ত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে কাৰ্যবাহী সদ্স্য অমৰ ছিং তিচ্চ আৰু বান নিয়ন্ত্ৰন বিভাগৰ কাৰ্যবাহী অভিযন্তা মিজি ক্ৰ’ উপস্থিত থাকে ৷













