ASSAM TIMES POST
মাত্ৰ এদিন পূৰ্বে কাৰ্বি আংলং জিলাত দুজন ক’ভিড19 আক্ৰান্ত ৰোগী পোৱাৰ পিছত আজি আন দুগৰাকী ক’ভিড 19 আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ পিছত জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ হয়, পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাত আজি পুনৰ নতুনকৈ আৰু দুজন ক’ভিড-১৯ত আক্ৰান্ত ব্যক্তি চিনাক্ত হোৱাৰ লগে লগে মহকুমাটোত এই সংখ্যা ৪ জনলৈ বৃদ্ধি হ’ল। আজি চিনাক্ত হোৱা ব্যক্তি দুজন হৈছে ক্ৰমে বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘৰিয়ালডুবি ন-কাটাৰ বাসিন্দা ভৰত মাহাতু (২৯) আৰু বালিপথাৰ নেপেৰপেত্তিৰ বাসিন্দা গিদিঅন ম’মিন (২৪)।
উল্লেখ্য যে ভৰত মাহাতুৱে ২১ মে’ তাৰিখে ৰাজধানী এস্কপ্ৰেছ ৰেলেৰে পাটনাৰ পৰা আহি ২২ মে’ তাৰিখে ডিমাপুৰত অৱতৰণ কৰিছিল আৰু গিদিঅন ম’মিনে ১৮ মে’ তাৰিখে বিশেষ ৰে’ল যোগে বাংগালোৰৰ আহি ২০ মে’ তাৰিখে চাপৰমুখত অৱতৰণ কৰিছিল। পৰৱৰ্তী সময়ত দুয়োকে মহকুমা প্ৰশাসনে বোকাজান নগৰস্থিত হোটেল ধনশিৰি কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন কৰি ৰাখিছিল।
আজি বোকাজান মহকুমা প্ৰশাসনে যুৱক দুজনৰ স্বাৱৰ নমুনাৰ ফলাফল অনুযায়ী ক’ভিড-১৯ ত আক্ৰান্ত বুলি জানিবলৈ দিয়ে। ভৰত মাহাতু আৰু গিদিঅন ম’মিনৰ স্বাৱৰ ফলাফল পজিটিভ অহাৰ লগে লগে বোকাজান মহকুমা প্ৰশাসন তৎপৰ হৈ পৰে আৰু ততাতৈয়াকৈ যুৱক দুজনক ১০২ এম্বুলেঞ্চ যোগে ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে বোকাজান মহকুমাৰ ডিলাইৰ প্ৰেম তামাঙক গুৱাহাটীৰ এমএমচিলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে আনজন আক্ৰান্ত মহেন্দ্ৰ হেমৰম গোলাঘাটত চিকিৎসাধীন হৈ আছে৷













