ASSAM TIMES POST
নগাঁও : বহি:ৰাজ্যৰ পৰা ৰেলযোগে অসমলৈ ঘূৰি অহা যাত্ৰীসকলক সংশ্লিষ্ট ৰেল ষ্টেচনৰ পৰা নিজ গৃহ জিলালৈ আনিবৰ বাবে অসমৰ প্ৰায়বোৰ জিলা প্ৰশাসনে বাছৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে । যাত্ৰী সকল ৰেলেৰে আহি পোৱাৰ পাচত স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰেল ষ্টেচনৰ পৰা প্ৰশাসনে যোগান ধৰা বাছেৰে নিজ নিজ জিলাৰ নিৰ্দিষ্ট স্হানলৈ লৈ যোৱা হয়। এই ক্ষেত্ৰত ডিমা-হাচাও জিলা প্ৰশাসনৰ অনীহাৰ এক ছবি পৰিস্ফুট হৈছে । যাৰ ফলশ্ৰুতিত বহি:ৰাজ্যৰ পৰা ডিমা হাচাওলৈ ঘূৰি অহা কিছু সংখ্যক যাত্ৰী আজি নগাঁৱৰ চাপৰমুখ ৰেল ষ্টেচনত দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয়।।
বহি:ৰাজ্যৰ পৰা চাপৰমুখ ৰেল ষ্টেচনত উপস্থিত হোৱা নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ যাত্ৰী সকলক সংশ্লিষ্ট জিলা সমূহৰ জিলা প্ৰশাসনে স্বাস্থ্য পৰীক্ষাৰ অন্তত নিজ জিলালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে যদিও ডিমা হাচাও জিলা প্ৰশাসনে এই ক্ষেত্ৰত গাফিলতি কৰা পৰিলক্ষিত হৈছে। যাৰ ফলত দীঘলীয়া ৰেল যাত্ৰা কৰি ঘূৰি অহা ডিমা হাচাও জিলাৰ যাত্ৰী সকলে জীয়াতু ভুগিব লগা হৈছে। আজি দিনৰ ১১ বজাত চেন্নাইৰ পৰা ডিমা হাচাওলৈ অহা যাত্ৰী সকলক বাতৰি লিখা পৰলৈকে উভতাই নিয়াৰ ব্যৱস্থা কৰা নাই ডিমা-হাচাও জিলা প্ৰশাসনে। ফলস্বৰূপে ৰেলৱে প্লেটফৰ্মতে অনাহাৰে প্ৰায় ১০ৰ পৰা ১২ ঘণ্টা সময় যাত্ৰী সকলে পাৰ কৰিব লগা হৈছে। ডিমা হাচাও জিলা প্ৰশাসনৰ এনে আচৰণক লৈ যাত্ৰী সকলৰ মাজত অসন্তুষ্টিয়ে দেখা দিছে ।













