ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলং : পশ্চিম কাৰ্বি আংলঙত প্ৰথম দুজনৰ দেহত কভিত-১৯ পজিটিভ । যুৱক কেইজন জিলাখনৰ খেৰনী থানাৰ অন্তৰ্গত হাৱাই পুৰৰ অজয় শিৱা (২২) আৰু ভীম ভদ্ৰ সিংহা (২২)। দুয়োগৰাকীয়েই দিল্লীৰ পৰা আহি পল্টন বজাৰৰ মহালক্ষ্মী হোটেলত কোৱাৰান্টাই হৈ আছিল । যুৱক দুজনৰ দেহত কভিত-১৯ পজিটিভ পোৱাৰ পাছত সম্প্ৰতি অধিক কটকটীয়া হৈ পৰিছে জিলা প্ৰশাসন । জিলাখনৰ বিভিন্ন প্ৰান্তত থকা চৰকাৰী গৃহ, বিদ্যালয় আদিত কোৱাৰান্টাইনৰ ব্যবস্থা কৰিছে ।
তদুপলক্ষ্যে আজি জিলা সদৰ হামৰেণস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । স্থানীয় বিধায়ক ডাঃ মানছিং ৰংপিৰ সভাপতিত্বত অনুস্থিত সভাখনিত পশ্চিম কৰ্বি আংলং জিলাৰ উপায়ুক্ত চৈয়েদ স্ফাকোৰ ৰহমান,আৰক্ষী অধীক্ষক ডঃ ৰমনদ্বীপ কৌৰ, জিলাখনৰ ৯টা পৰিষদীয় সমষ্টিৰ ই.এম., এম.এ.চিসকলৰ লগতে জিলাখনৰ অধিনৰ পৌৰসভা কেইখনৰ অধক্ষ্য সকলো উপস্থিত থাকে। সভাতে স্থানীয় বিধায়কগৰাকীক অধক্ষ্য হিচাপে লৈ এখন জিলাভিত্তিক সমিতি গঠন কৰে ।
তাৰোপৰি ৯টা পৰিষদীয় সমষ্টিৰে এম.এ.চিসকলক সভাপতি হিচাপে লৈ সমষ্টি ভিত্তিক একোখনকৈ সমিতি গঠন কৰাৰো ব্যবস্থা কৰে । উদ্দেশ্য এটাই যে বাহিৰৰ পৰা অহা লোক সকলক যাতে সুন্দৰভাৱে কোৱাৰান্টাইন কৰি ৰাখি জিলাখনৰ লোকসকলক সুৰক্ষিত ৰাখিব পাৰি । অৱশ্যে, তাত প্ৰয়োজন হ’ব জনসাধাৰনৰো সম্পুৰ্ণ সহযোগীতা । উল্লেখযোগ্য,পাৰ্বত্য জিলাখনত বাতৰি লিখা পৰলৈকে ৬১ জন কোৱাৰান্টাইন কক্ষত থকাৰ বিপৰীতে ৩৫৬৫জন হোম কোৱাৰাইন্টাইন হৈ আছে ।













