ASSAM TIMES POST
ডিফু : চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি থকাৰ মাজত পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ অবৈধ পান মছলা আৰু গুটখা ৷ বৃহস্পতিবাৰে বিয়লিৰ ভাগত ডিফুৰ হৃদয়স্থলীতে উদ্ধাৰ হয় এই গুটখা আৰু পান মছলাজাতীয় সামগ্ৰীসমূহ ৷
প্ৰাপ্ত খবৰ অনুসৰি এক বিশ্বস্ত সূত্ৰৰ পম খেদি কাৰ্বি আংলং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক (মুখ্য ) নাহিদ কৰিশ্মাৰ নেতৃত্বত ডিফু নগৰ আৰক্ষী চকীৰ ষ্টাফ আৰু চি আৰপি এফ২০ বিএন ডি কোম্পানীৰ জোৱানক লৈ অভিযান চলাই ডিফু শীতলাবাড়ী এলেকাত গুদামত ৰখা অৱস্থাত প্ৰায় ৬ লাখ টকা পৰিমাণৰ গুটখা আৰু পানমছলা জাতীয় সামগ্ৰী জব্দ কৰি ডিফু নগৰ আৰক্ষী চকীলৈ অনা হয় ৷
এই সন্দৰ্ভত ডিফু আৰক্ষীৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত, 105/20 নম্বৰত ভা:দ:বি: আইনৰ ধাৰা 188/270/271 ত গোছৰ ৰুজো দিয়া হৈছে ৷ এজাহাৰ অনুসৰি লকডাউনৰ নিয়ম উলংঘন কৰি ডিফু চহৰৰ ব্যৱসায়ীদ্বয় ক্ৰমে, দিলীপ ছাহা আৰু সুশীল পালে এই বৃহৎ পৰিমানৰ গুটখা আৰু পানমছলা জাতীয় সামগ্ৰী বিক্ৰি কৰি ধন উপাৰ্জন কৰিব আনিছিল বুলি উল্লেখ আছে ৷ জব্ধ কৰা সামগ্ৰী সমূহ ক্ৰমে দিলীপ ছাহাৰ বিমল আৰু পাৰছ ৯ বস্তা, ৰজনী গন্ধা ৭ বাণ্ডিল, শিখৰ1000 ১ত কাৰ্টুন আৰু সুশীল পালৰ পাৰছ, বিমল আৰু পান মছলা ৬ বস্তা, শিখৰ1000 গুটখা ৯ কাৰ্টুন আৰু পাৰছ মছলা সৰু ৬ বস্তা ৷
উল্লেখযোগ়্যযে, যুৱ প্ৰজন্মৰ মাজত পান- মছলা আৰু গুটখাৰ বৰ্ধিত আসক্তিয়ে জিলাখনত চৰম পৰ্যায়লৈ উপনীত হোৱাৰ সময়ত আৰু ক’ভিড19ৰ বাবে চৰকাৰে আহ্বান জনোৱা লকডাউনক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি লগতে নীতি-নিয়ম উলংঘন কৰি এনেদৰে ব্যৱসায়ীদ্বয়ে বৃহৎ পৰিমানৰ পান-মছলা আৰু গুটখা মজুত ৰখা কাৰ্যই বিশেষ তাতপৰ্য বহন কৰিছে ৷













