ASSAM TIMES POST
ছাইদুল ইছলাম, ডিফু
ডিফুঃ যোৱা ১৬, ১৭, আৰু ১৮ মে’ত এটি পৰ্টেল ৱেব মেডিয়াত ধাৰাবাহিকভাবে “কাৰ্বি আংলঙত বালিৰ অবৈধ খনন, চোৰাং বেহা, নিৰ্বিকাৰ বন বিভাগ” শীৰ্ষক বাতৰিটো প্ৰচাৰ কৰাৰ পিছত এইলৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰবি আংলং বালি মহলদাৰ আৰু ছাপ্লাই এছ’চিয়ছনে ৷ আজি মাঞ্জাস্থিত সন্থাৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি উল্লেখিত বাতৰিৰ সত্যতা খণ্ডন কৰি সন্থাৰ সভাপতি কাংজাং তেৰাঙে কয় যে, সিংহাসন পৰিষদীয় সমষ্টিৰ টিছম গাঁও ৱাছ টাৱাৰৰ সম্মূখৰ যমুনা নদীত অবৈধভাবে বালিৰ কোনো ধৰণৰ অবৈধ খনন চোৰাং বেহা বা যোগান কাৰ্য চলা নাই, বৈধ অনুজ্ঞা পত্ৰৰ ভিত্তিতেই বালিৰ খনন কাৰ্য চলিছে এই অঞ্চলত ৷
বিভাগীয় অনুমতি নোহোৱাকৈ কোনোৱে মুকলিভাবে অবৈধ খনন কাৰ্য চলাব নোৱাৰে ৷ এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষ বা কাৰবি স্বায়ত্ত পৰিষদ, মন্ত্ৰী ছুম ৰংহাঙ অথবা টীম কাৰবি আংলঙে কোনো অবৈধ খননক অনুমতি দিয়া নাই এনে কাৰ্যত জড়িতও নহয় ৷
ইয়াৰোপৰি কাৰবি আংলং বালি মহলদাৰ আৰু ছাপ্লাই এছ’চিয়ছনৰ বিনা অনুপতিত সন্থাৰ এজন ক’ৰ কমিটিৰ সদস্য গণেশ টেৰণে সন্থাৰ অজ্ঞাতে উদ্দেশ্য প্ৰণোদিতভাবে এনে অভিযোগ উত্থাপন কৰি কেৱল ধনৰ বিনিময়ত সন্থাৰ সৈতে কোনো সম্পৰ্ক নথকা এজন লোকৰ সহায়ত তথাকথিত ওৱেৱ পৰ্টেলটোত সাক্ষাৎকাৰ দি এটি ভূৱা বাতৰি পৰিবেশন কৰিছে ৷ কাৰ্বি আংলং বালি মহলদাৰ আৰু ছাপ্লাই এছ’চিয়ছনে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কোনো দিনে বিনা কাৰণে বিতৰ্কলৈ অহা নাই ৷ আনহাতে সন্থাৰ বিৰুদ্ধে বিসম্বাদী মনোভাৱ আৰু নীতি বহিৰ্ভূতভাবে কাম কৰাৰ বাবে গণেশ টেৰণক কাৰ্বি আংলং বালি মহলদাৰ আৰু ছাপ্লাই এছ’চিয়েছনৰ সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি সন্থাৰ সভাপতি কাংজাঙ তেৰাঙে আজিৰ সংবাদমেল যোগে ঘোষণা কৰে ৷













