ASSAM TIMES POST
ডিফু : ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত তীব্ৰ বেগী আন এখন ট্ৰাকৰ খুন্দাত এক ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ দেশত চতুৰ্থ পৰ্য্যায়ৰ লকডাউন চলি থকাৰ মাজতে মঙ্গল বাৰে নিশা প্ৰায় ১১ মান বজাত কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত লাংহিনত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় ।
উল্লেখ্য যে NL-01 AA 1223 নম্বৰৰ এখন ট্ৰাকৰ যান্ত্ৰিক বিজুতিৰ বাবে দুদিন ধৰি লাংহিন নগৰৰ পশ্চিম দিশত ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত ৰাখি থোৱা অবস্থাত ডিমাপুৰৰ পৰা গুৱাহাটীলৈ AS -01 LC 8121 নম্বৰৰ তীব্ৰ বেগী ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাখি থোৱা ট্ৰাক খনৰ পিছ ফালে প্ৰচণ্ড খুণ্ডা মৰাৰ ফলত দুয়ো খন ট্ৰাক ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা খাৱৈত সুমাই যায় ।
আনহাতে ঘটনা সংঘটিত কৰি AS -01 LC 8121 নম্বৰৰ ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেন দুয়ো জন নিশাৰ ভাগতেই ঘটনা স্হলীৰ পৰা অন্তৰ্ধ্যান হয় ।ফলত পথ দুৰ্ঘটনাত ক্ষয় ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই । উক্ত ঘটনা নিশাৰ ভাগত নহৈ দিনত সংঘটিত হোৱা হলে হয়তো আৰু ভয়ংকৰ হলহেতেন বুলি মতপোষণ কৰিছে স্থানীয় সচেতন মহলে ।













