ASSAM TIMES POST
ডিফু : ডিফুস্থিত সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত আজি ই-সেৱা কেন্দ্ৰ আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্মূখৰ কাৰ্যালয় মুকলি কৰা হয় ৷ সত্ৰ ন্যায়াধীশ কাৰ্যালয়ৰ বাকৰিত লকডাউনৰ নিয়ম অনুসৰি সম্পূৰ্ণ সামাজিক দূৰত্ব মানি চলি জিলা সত্ৰ ন্যায়াধীশ এজেএছ আব্দুল হাকিমে ডিএলএএছ ফ্ৰণ্ট অফিচ আৰু ই-সেৱা কেন্দ্ৰৰ আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে ৷ এই সন্দৰ্ভত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাগিব আহমেদে সাংবাদিকৰ সৈতে বাৰ্তালাপত জনাইছে যে, সত্ৰ ন্যায়াধীশৰ চৌহদত ই-সেৱাৰ শুভ উদ্ধোধনে সাধাৰণ ৰাইজে যথেষ্ঠ সকাহ পাব ৷
সত্ৰ ন্যায়ালয়খনৰ ভিতৰলৈ নোযোৱাকৈ কাগজ বিহীনভাৱে ন্যায়ালয়ৰ বিশেষ সুবিধাসমূহ উপভোগ কৰিব পাৰিব ৷ বিশেষকৈ গোচৰৰ তাৰিখ, নিযুক্ত উকিল আৰু গোচৰৰ বিৱৰণসমূহ জানিব পাৰিব ৷
ইয়াৰোপৰি, জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্মূখৰ কাৰ্যালয়ত আইনী সাহায্য, সেৱা আদিৰ বাবে যোগাযোগ কৰিব পাৰে ৷ উক্ত কাৰ্যালয়ত ডিএএছএৰ পিএলভি সকলে ৰাইজক আইনী সুবিধাসমূহৰ বিৰুদ্ধে অৱগত কৰি থাকিব ৷ আজিৰ উদ্ধোধনী সভাত অতিৰিক্ত সত্ৰ ন্যায়াধীশ কে শইকীয়া, মুখ্য ন্যায়িক দণ্ডাধীশ এম ভাদানী, জেএমএফচি মনিকা বড়ো, ডিফু উকিল সন্থাৰ সভাপতি দিলীপ ডেকা, যুটীয়া সম্পাদক উত্তম পাল,শ্যামল শীল, বিধান মজুমদাৰ, ফুনু বৰ্মণ, ডিএলএছএ কাৰ্যালয়ৰসমূহ বিষয়ববীয়া কৰ্মচাৰী আৰু পিএলভিসকল উপস্থুত থাকে ৷













