ASSAM TIMES POST
নলবাৰী : বাৰিষা সমাগত । বান অহাৰ আগতেই গৰাখহণীয়া প্ৰতিৰোধৰ কাম সম্পূৰ্ণ কৰিব লাগিব , নহ’লে মানুহৰ ঘৰ -বাৰী গৰাখহনীয়াই খহাই নি চিন মোকাম নোহোৱা কৰিব । হয়তো পূৰ্ৱতেও বহুলোকৰ ঘৰৰ ভেটিটো খহাই নি ঠিকনাবিহীন কৰিছিল । সেয়েহে নদীৰ পাৰত বাস কৰা লোকৰ বাৰিষা আহিলে চকুত টোপনি নোহোৱা হয় ।
নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে সেয়েহে আজি বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা আৰু জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা প্ৰতুল পাটোৱাৰী সমন্বিতে অন্যান্য বিষয়াসহিতে জিলাখনৰ মুকালমুৱা আৰু কাপলাবড়ি ঘাটৰ গৰাখহনীয়াপ্ৰবন স্থানসমূহ পৰিদৰ্শন কৰে । উপায়ুক্তগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলক বান অহাৰ আগতেই এই গৰাখহনীয়াপ্ৰবন স্থানত খহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে যাতে ইয়াৰ নিকটৱৰ্তী লোকসকল গৰাখহনীয়াৰ পৰা ক্ষতিগ্ৰস্ত নহয় ।