ASSAM TIMES POST
নিউজ ডেস্ক
মানৱ দেহৰ পৰা জন্তুৰ দেহলৈ বিয়পিছে মহামাৰী ক’ৰ’ণা ভাইৰাছ।আমেৰিকাৰ নিউইয়ৰ্ক চহৰৰ Bronx Zooৰ এজনী বাঘিনীৰ দেহত পোৱা গৈছে ক’ৰনা ভাইৰাছৰ অৱস্থিতি।উল্লেখ যে মানুহৰ পৰা জন্তুলৈ ক’ৰ’ণাভাইৰাছ সংক্ৰমণ হোৱা এইয়া প্ৰথম ঘটনা। এই কথা সদৰি কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই।
উল্লেখ যে চিৰিয়াখানা খনৰ নাদিয়া নামৰ ৪বছৰীয়া মালায়ন বাঘিনীজনীৰ নমুনা পৰীক্ষা কৰাৰ পিছত ধৰা পৰিছে ক’ভিড-১৯ উপস্থিতি।চিৰিয়াখানা কতিপক্ষই বাঘিনী জনীয়ে শুকান কাহ মাৰি থকা প্ৰত্যক্ষ কৰিছিল।তাৰ পিছতে ক’ৰণাৰ পৰীক্ষা কৰা হয়।
এই তথ্যৰ প্ৰকাশ কৰিছে চিৰিয়াখানা খনৰ পৰিচালনাৰ দায়িত্বত থকা Wildlife Conservation Society এক প্ৰেছ বিবৃতিত এই কথা উল্লেখ কৰিছে ।বাঘিনীজনীক খাদ্য যোগান ধৰা চিৰিয়াখানা কৰ্মচাৰী পৰা ক’ৰনা ভাইৰাছ সংক্ৰমন হোৱা বুলি উল্লেখ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই।