ASSAM TIMES POST
ডিফু : মাৰাত্মক কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো মহামাৰী ৰূপ লোৱাৰ সময়ত একাংশ মানৱদৰদী লোকে প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পূঁজীলৈ নিজৰ নিজৰ সাধ্যনুসাৰে সাহায্য আগবঢ়াবলৈ আৰম্ভ কৰিছে ৷



সেইমৰ্মে তিনি পাৰ্বত্য জিলা ক্ৰমে, কাৰবি আংলং, পশ্চিম কাৰবি আংলং আৰু ডিমা হাচাও জিলাৰ একমাত্ৰ সাংসদ হৰেণ ছিং বে’ও প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পূজীলৈ তেওঁৰ সাংসদ পূঁজীৰ পৰা ক’ভিড19 ৰ সৈতে যুঁজিবলৈ ১ কোটি টকা অনুদান হিচাপে আগবঢ়াইছে ৷
লগতে সাংসদগৰাকীয়ে এমাহৰ দৰমহা একলাখ টকাও অনুদান হিচাপে আগবঢ়ায় ৷ উল্লেখ যোগ্য ক’ভিড19 ৰ সৈতে দেশে মোকাবিলা কৰিবলৈ দেশখনৰ সাংসদ, বিধায়ক- বিষয়া, কৰ্মী, ছেলিব্ৰেটি, অনুষ্ঠান – প্ৰতিষ্ঠান ও ব্যক্তি বিশেষে সহায় আগবঢ়াই আছে বুলি জানিব পৰা গৈছে ৷












