ASSAM TIMES POST
নিউজ ডেস্ক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কভিড-১৯ৰ বিৰুদ্ধে দেশত লকডাউন ঘোষণা কৰাৰ পাছত ভাৰতীয় সেনাৰ মুখ্য কাৰ্যালয় ৰাইছিনা হিলৰ দক্ষিণ ব্লক বন্ধ কৰা হৈছে৷ সেনাৰ কাৰ্যালয়ত কম সংখ্যাক কৰ্মচাৰী লৈ অৰ্থাৎ মাত্ৰ ১৫ শতাংশ কৰ্মচাৰীৰে কাম সম্পন্ন কৰা হ’ব ৷ বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে ৷
সেনা মন্ত্ৰাণালয়ৰ বিভাগীয় কাৰ্যালয়ও বুধবাৰৰ পৰা বন্ধ কৰা হৈছে ৷ কৰ’না ভাইৰাছৰ সন্দৰ্ভত সেনা প্ৰধান বিপিন ৰাউতে কয় যে, দেশ এতিয়া এক সন্ধিক্ষণত আছে য’ত সেনাই কৰ’না ভাইৰাছৰ বিৰুদ্ধে দেশবাসীৰ বাবে যুঁজ কৰি যাব ৷ উল্লেখ্য যে, চৰকাৰৰ নিৰ্দেশ মতে সেনাই ৫০ শতাংশ লোক কামত ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই আছে ৷