ASSAM TIMES POST
নিউজ ডেস্ক: আই পি এলত পুৰস্কাৰৰ মূল্য কমাই আধালৈ হ্ৰাস কৰিবলৈ বিচাৰিছে বি চি চি আইয়ে৷ যোৱাবাৰ আই পি এলত জয়ী দলে পুৰস্কাৰ মূল্য পাইছিল ২০ কোটি টকা৷ চলিত বছৰৰ আই পি এলত জয়ী দলে পাব ১০ কোটি টকা৷ ৰানাৰ্ছআপ দলে আগতে পাইছিল ১২.৫ কোটি টকা৷ এইবাৰ পাব ৬.২৫ কোটি টকা৷ আনহাতে ছেমিফাইনেলত কোৱালিফায়াৰ কৰা দল দুটাই পাব ক্ৰমে ৪.৩৭৫ কোটি টকা৷
ইতিমধ্যে আই পি এলৰ ফেন্সাইজি প্ৰতিষ্ঠানলৈ এই নিৰ্দেশ বি চি চি আইয়ে প্ৰেৰণ কৰিছে৷ ব’ৰ্ডৰ তৰফৰ পৰা জনোবা মতে খৰচ কমাবৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে৷ ব’ৰ্ডে ইয়াৰ লগতে জনাইছে যে ফেন্সাইজিসমূহ আৰ্থিকভাৱে যথেষ্ট শক্তিশালী৷ আয় বৃদ্ধিৰ বাবে স্পনশ্বৰশ্বিপ বঢ়োৱাৰ একাধিক উপায় আছে৷ তাৰ পাছতো আই পি এলৰ পুৰস্কাৰ মূল্য কমাবলৈ সিদ্ধান্ত লৈছে৷