
উত্তৰ-পূৱাঞ্চলৰ প্ৰথমটো মানৱ সেৱাৰ স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিছন লৈ এক লাখ টকা বৰঙণি আগবঢ়াইছে নগাঁও চহৰৰ আমোলাপট্টি নিৱাসী অৱসৰপ্ৰাপ্ত অভিযন্তা তথা মিছনৰ উপদেষ্টা ৰঞ্জিত কুমাৰ তামুলী ফুকন আৰু তেওঁৰ সহধৰ্মিণী নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা অপৰাজিতা তামুলীফুকনে । তামুলী ফুকন দম্পতীয়ে তেওঁলোকৰ প্ৰয়াত পিতৃ ৰামকমল তামুলী ফুকন আৰু মাতৃ ননীবালা তামুলী ফুকনৰ স্মৃতিত এই ধনৰাশি শ্ৰীমন্ত শংকৰ মিছনলৈ আগবঢ়ায়।
উল্লেখ্য যে, তামুলী ফুকন দম্পতীয়ে আগবঢ়োৱা উক্ত এক লাখ টকা বৰঙণিৰ জৰিয়তে শ্ৰীমন্ত শংকৰ মিছনৰ তত্বাৱধানত থকা বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ পৰা প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দুগৰাকী মেধাৱী শিক্ষাৰ্থীক জলপানি প্ৰদানৰ ইচ্ছা ব্যক্ত কৰে। আজি নগাঁও চহৰৰ পানীগাঁও চাৰিআলিস্থিত শ্ৰীমন্ত শঙ্কৰ মিছনৰ মুখ্য কাৰ্যালয়ত মিছনৰ সভাপতি প্ৰাক্তন বিধায়ক,শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত তামুলী ফুকন দম্পতীয়ে শ্ৰীমন্ত শংকৰ মিছনৰ পূঁজিলৈ আগবঢ়োৱা এক লাখ টকাৰ চেক মিছনৰ সভাপতি আৰু সম্পাদকৰ হাতত প্ৰদান কৰে।

শ্ৰীমন্ত শংকৰ মিছনৰ সাধাৰণ সম্পাদক পৰাণ কুমাৰ মহন্তই আঁত ধৰা অনুষ্ঠানত মিছনৰ পূঁজিলৈ এক লাখ টকা বৰঙণি আগবঢ়োৱাৰ বাবে ৰঞ্জিত কুমাৰ তামুলী ফুকন আৰু অপৰাজিতা তামুলী ফুকনক মিছনৰ সভাপতি গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । অনুষ্ঠানত শ্ৰীমন্ত শংকৰ মিছনৰ উপসভাপতিদ্বয় ডা: কৃষ্ণ কুমাৰ বৰা আৰু ড০ ধৰ্মেশ্বৰ গোস্বামী, যুটীয়া সম্পাদক প্ৰদীপ শইকীয়া, কাৰ্যনিৰ্বাহক সদস্য সাংবাদিক কনক হাজৰিকা আৰু সাংবাদিক জিতেন বৰকটকীয়ে ৰঞ্জিত কুমাৰ তামুলী ফুকন আৰু অপৰাজিতা তামুলী ফুকনৰ সমাজমুখী জীৱনচৰ্যাৰ ওপৰত আলোকপাত কৰে।
সভাত শ্ৰীমন্ত শংকৰ মিছনৰ কোষাধ্যক্ষ দূৰ্গা ৰাজকুমাৰ, কাৰ্যনিৰ্বাহক সদস্য ইন্দ্ৰমোহন বৰাৰ লগতে মিছনৰ কৰ্মচাৰী সকল উপস্থিত থাকে । উল্লেখ্য যে নগাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠানেৰে জড়িত ৰঞ্জিত কুমাৰ তামুলী ফুকনে নগাঁও শংকৰ মিছনৰ বিগত তিনিটা কাৰ্যকালত উপ সভাপতিৰ পদত সুচাৰুভাৱে কার্যনির্বাহ কৰিছিল ।









