আজি গুৱাহাটীৰGuwahati শ্ৰীমন্ত কলাক্ষেত্ৰত Kalakshetra মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই CM Himanta Biswa Sarma আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মিছন বসুন্ধৰা-২। উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়, “অসমবাসীৰ বাবে আজি এক ঐতিহাসিক দিন। মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ সফল ৰূপায়ণৰ পাছত আজি মিছন বসুন্ধৰা ২.০-ৰ শুভাৰম্ভণি কৰিবলৈ পাই অতিকৈ আনন্দিত হৈছোঁ৷”
উল্লেখ্য, মিছন বসুন্ধৰা ২.০-ৰ অধীনত সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন অৰ্থাৎ এই সেৱাৰ জৰিয়তে অসম চৰকাৰৰ প্ৰচলিত ভূমি নীতিৰ আধাৰত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক সাধাৰণ খেতি আৰু ঘৰ-বস্তিৰ বাবে সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টনৰ ব্যৱস্থা কৰি ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “মই নিশ্চিত প্ৰথম পৰ্যায়ত লাভ কৰা সফলতাৰ দৰেই এই দ্বিতীয় পৰ্যায়তো এই কাৰ্যসূচীয়ে সফলতা লাভ কৰিব।”
উক্ত অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, পঞ্চায়ত আৰু গ্ৰামান্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কা, সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ চাহু, বিত্ত বিভাগৰ আয়ুক্ত সচিব মণিষ ঠাকুৰ, ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তা শান্তনু গোটমাৰেকে ধৰি জিলা উপায়ুক্তসহ বহু শীৰ্ষ বিষয়া আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷