ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু

নৱজ্যোতি কলিতা

Staff Reporter by Staff Reporter
April 12, 2026
Reading Time: 1 min read
A A
0
পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

পথাৰৰ মাটি – পানী আৰু ৰ’দৰ লগত যুঁজি বুঢ়া হোৱা ধৰণী ককাইৰ বাবে বিহু মানে এতিয়া কেৱল এটা দিনপঞ্জীৰ তাৰিখ। চোতালৰ চুকত থকা পুৰণি ঢেঁকীটোত উঁই লাগিছে।

Bohag Bihu
পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু:

আগতে বিহু আহিলে ঘৰে বাহিৰে গাঁৱৰ জীয়ৰী-বোৱাৰীৰ লানি নিছিগা ভিৰ লাগিছিল, এতিয়া সেইবোৰ অতীত হ’ল। এতিয়া কাম নাথাকিলে কোনো কাৰো ঘৰলৈ নাহে।

ভঁৰালটোৰ উদং পেটলৈ চালে ধৰণীৰ বুকুখনত বিহুৰ হুঁচৰিৰ পৰিৱৰ্তে এক হাহাকাৰহে বাজি উঠে। যোৱাবাৰ বানে ধানখিনি নিলে, এইবাৰ খৰাঙে আকৌ মাটিডৰা চপৰা-চপৰকৈ ফটালে। সাৰৰ দাম আকাশলঙ্ঘী, সঞ্চয় গোটৰ ধাৰৰ চিন্তাত তেওঁৰ ৰাতিৰ টোপনি হৰণ হৈছে।

গাঁৱৰ ডাঙৰ পথাৰখনৰ এচুকত বিয়াগোম মঞ্চ সাজি বিহুৰ প্ৰস্তুতি চলিছে। মাইকত কোনোবা নামী শিল্পীৰ গীত বাজিছে— “বিহুটি অসমীয়াৰ প্ৰাণ…”।

একেখন পথাৰৰে অন্য এটা চুকত কাম কৰি থকা ধৰণী ককায়ে হাতৰ মামৰে ধৰা কোৰখন থৈ অস্থায়ী বিহুতলীখনৰ ফালে চালে। ডিঙিত ইস্ত্ৰি কৰা চিকচিকিয়া দামী ফুলাম গামোচা লৈ বিলাসী গাড়ীৰ পৰা নমা মানুহবোৰক দেখি তেওঁৰ কিবা এটা তিতা হাঁহি বিৰিঙিল।

মঞ্চৰ পৰা ভাঁহি অহা শব্দই সেই সময়ত পথাৰৰ নিস্তব্ধতা ভাঙি দিছিল। তেনেতে কাষৰ মাটিডৰাত কাম কৰি থকা নিধিৰাম ককাই ধৰণীৰ ওচৰলৈ আহিল। হাতত কোৰ, কপালত দুখৰ বলিৰেখা। নিধিৰামে বিহু মঞ্চখনৰ ফালে চাই ক’লে, “শুনিছ ধৰণী, এইবাৰ হেনো সেইখন মঞ্চত গাবলৈ চহৰৰ পৰা অহা ডাঙৰ গায়কজনক দহ লাখ টকা দিছে। আমাৰ গোটেই গাঁওখনৰ ধাৰ মাৰিবলৈও চাগে সিমান নালাগে!”

ধৰণী ককায়ে মাটিত জোৰেৰে কোৰখন মাৰি এটা হুমুনিয়াহ কাঢ়িলে। “টকাৰ বিহু অ’ নিধি, টকাৰ বিহু! আমাৰ বাবে বিহু আছিল পথাৰৰ গেঁৰ ধৰা ধাননিৰ গোন্ধ, সাত শাকী খোৱাৰ হেঁপাহ। কিন্ত্ত এতিয়া সেইবোৰ নাই, সকলো অতীত হ’ল। বিহু গীত গাবলৈ ডিঙিত সুৰ ক’ত? ডিঙিটো দেখোন ধাৰ মৰাৰ চিন্তাতে শুকাই গ’ল।

নিধিৰামে সেপ ঢুকি ক’লে, “সিদিনা চহৰৰ পৰা ‘বিহু কমিটি’ৰ ল’ৰা কেইটামান আহিছিল। ডিঙিত দামী মুগাৰ গামোচা। মোক সুধিলে— ‘ককাইটি, বিহুৰ ওপৰত কিবা পুৰণি গীত জানে নেকি? আমি মঞ্চত গাম।’ মই ক’লো— বোপা,আমাৰ কলিজাৰ গানবোৰ পথাৰৰ চিৰাল ফাটত সোমাল। গোটৰ ধাৰ, জীৱন জীয়াৰ চিন্তাত আমাৰ
বিহুগীত গোৱা ডিঙিটো দেখোন এতিয়া শুকাই কাঠ হৈ পৰিছে।”

বেজাৰ নাপাবা,তোমালোকে যি গাব পাৰা গাৱা বুলি কৈয়ে মই সিহঁতক বিদায় দিলোঁ। ধৰণী ককায়ে ভাবিলে— যিসকলে ধানৰ গেঁৰটো কেনেকুৱা চিনি নাপায়, যিয়ে পথাৰৰ বোকাত কেতিয়াও ভৰি থোৱা নাই, তেওঁলোকৰ বাবে বিহু এটা মাথো ‘উৎসৱ’, এটা ‘সাংস্কৃতিক সন্ধ্যা’। তেওঁ আকাশৰ ফালে চাই ক’লে, “সিহঁতে বিহু পাতিছে লোকক দেখুৱাবলৈ, নে নিজক জীয়াই ৰাখিবলৈ? যিদিনা আমাৰ এই পথাৰবোৰত হাউচিং ক’লনী বহিব, সেইদিনা সিহঁতে বিহু ক’ত পাতিব?

ডিঙিত ফুলাম গামোচা লৈ মঞ্চত বিহু নাচিলে জাতিটো বাচিব জানো? খেতিয়ক মৰিলে যে বিহুৰ উশাহো বন্ধ হ’ব, সেই কথাটো এই মানুহবোৰে যে কেতিয়া বুজিব?”

গাঁৱৰ বিশাল পথাৰখনৰ পৰা ৰান্ধনি বেলিয়ে লাহে লাহে বিদায় মাগিছিল। বিহু মঞ্চখনটো দুই এটাকৈ ৰঙীন পোহৰৰ লাইটবোৰ জ্বলিব আৰম্ভ কৰিছিল। ধৰণী ককায়েও নিধিৰামক মাত লগাই পথাৰৰ কাম সামৰি কোৰখন কান্ধত লৈ ঘৰলৈ যাব ওলাল। হঠাৎ মঞ্চখনৰ পৰা অহা তিৰবিৰাই যোৱা কিছু ৰঙীন পোহৰে তেওঁক কোবাই গ’ল। তেওঁ জানে, সেই পোহৰৰ জগতখনত তেওঁৰ স্থান নাই।

ধৰণী ককাইৰ এতিয়া মাথো এটাই অপেক্ষা- সোনকালে বৰষুণ এজাক আহিলে অন্তত পথাৰখন সোনকালে জীয়াই উঠিব। কাৰণ পথাৰ জীয়াই থাকিলেহে বিহু জীয়াই থাকিব, নহ’লে এইবোৰ কেৱল কিছুমান যান্ত্ৰিক কোলাহল হৈয়ে ৰৈ যাব।

👉নৱজ্যোতি কলিতা

Tags: উদং ভঁৰালৰ বিহুপথাৰৰ হুমুনিয়াহ আৰু
Share4Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ
Assam

Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ

by News Desk
April 17, 2026
50
Assam assembly election 2026 I গৈছিল নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ, কিন্তু ঘৰলৈ ঘূৰি নাহিল তেওঁ
Assam

Assam assembly election 2026 I গৈছিল নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ, কিন্তু ঘৰলৈ ঘূৰি নাহিল তেওঁ

by Staff Reporter
April 16, 2026
50
ADVERTISEMENT
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026
50
Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫
National-International

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫

April 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx