
পথাৰৰ মাটি – পানী আৰু ৰ’দৰ লগত যুঁজি বুঢ়া হোৱা ধৰণী ককাইৰ বাবে বিহু মানে এতিয়া কেৱল এটা দিনপঞ্জীৰ তাৰিখ। চোতালৰ চুকত থকা পুৰণি ঢেঁকীটোত উঁই লাগিছে।

আগতে বিহু আহিলে ঘৰে বাহিৰে গাঁৱৰ জীয়ৰী-বোৱাৰীৰ লানি নিছিগা ভিৰ লাগিছিল, এতিয়া সেইবোৰ অতীত হ’ল। এতিয়া কাম নাথাকিলে কোনো কাৰো ঘৰলৈ নাহে।
ভঁৰালটোৰ উদং পেটলৈ চালে ধৰণীৰ বুকুখনত বিহুৰ হুঁচৰিৰ পৰিৱৰ্তে এক হাহাকাৰহে বাজি উঠে। যোৱাবাৰ বানে ধানখিনি নিলে, এইবাৰ খৰাঙে আকৌ মাটিডৰা চপৰা-চপৰকৈ ফটালে। সাৰৰ দাম আকাশলঙ্ঘী, সঞ্চয় গোটৰ ধাৰৰ চিন্তাত তেওঁৰ ৰাতিৰ টোপনি হৰণ হৈছে।
গাঁৱৰ ডাঙৰ পথাৰখনৰ এচুকত বিয়াগোম মঞ্চ সাজি বিহুৰ প্ৰস্তুতি চলিছে। মাইকত কোনোবা নামী শিল্পীৰ গীত বাজিছে— “বিহুটি অসমীয়াৰ প্ৰাণ…”।
একেখন পথাৰৰে অন্য এটা চুকত কাম কৰি থকা ধৰণী ককায়ে হাতৰ মামৰে ধৰা কোৰখন থৈ অস্থায়ী বিহুতলীখনৰ ফালে চালে। ডিঙিত ইস্ত্ৰি কৰা চিকচিকিয়া দামী ফুলাম গামোচা লৈ বিলাসী গাড়ীৰ পৰা নমা মানুহবোৰক দেখি তেওঁৰ কিবা এটা তিতা হাঁহি বিৰিঙিল।
মঞ্চৰ পৰা ভাঁহি অহা শব্দই সেই সময়ত পথাৰৰ নিস্তব্ধতা ভাঙি দিছিল। তেনেতে কাষৰ মাটিডৰাত কাম কৰি থকা নিধিৰাম ককাই ধৰণীৰ ওচৰলৈ আহিল। হাতত কোৰ, কপালত দুখৰ বলিৰেখা। নিধিৰামে বিহু মঞ্চখনৰ ফালে চাই ক’লে, “শুনিছ ধৰণী, এইবাৰ হেনো সেইখন মঞ্চত গাবলৈ চহৰৰ পৰা অহা ডাঙৰ গায়কজনক দহ লাখ টকা দিছে। আমাৰ গোটেই গাঁওখনৰ ধাৰ মাৰিবলৈও চাগে সিমান নালাগে!”
ধৰণী ককায়ে মাটিত জোৰেৰে কোৰখন মাৰি এটা হুমুনিয়াহ কাঢ়িলে। “টকাৰ বিহু অ’ নিধি, টকাৰ বিহু! আমাৰ বাবে বিহু আছিল পথাৰৰ গেঁৰ ধৰা ধাননিৰ গোন্ধ, সাত শাকী খোৱাৰ হেঁপাহ। কিন্ত্ত এতিয়া সেইবোৰ নাই, সকলো অতীত হ’ল। বিহু গীত গাবলৈ ডিঙিত সুৰ ক’ত? ডিঙিটো দেখোন ধাৰ মৰাৰ চিন্তাতে শুকাই গ’ল।
নিধিৰামে সেপ ঢুকি ক’লে, “সিদিনা চহৰৰ পৰা ‘বিহু কমিটি’ৰ ল’ৰা কেইটামান আহিছিল। ডিঙিত দামী মুগাৰ গামোচা। মোক সুধিলে— ‘ককাইটি, বিহুৰ ওপৰত কিবা পুৰণি গীত জানে নেকি? আমি মঞ্চত গাম।’ মই ক’লো— বোপা,আমাৰ কলিজাৰ গানবোৰ পথাৰৰ চিৰাল ফাটত সোমাল। গোটৰ ধাৰ, জীৱন জীয়াৰ চিন্তাত আমাৰ
বিহুগীত গোৱা ডিঙিটো দেখোন এতিয়া শুকাই কাঠ হৈ পৰিছে।”
বেজাৰ নাপাবা,তোমালোকে যি গাব পাৰা গাৱা বুলি কৈয়ে মই সিহঁতক বিদায় দিলোঁ। ধৰণী ককায়ে ভাবিলে— যিসকলে ধানৰ গেঁৰটো কেনেকুৱা চিনি নাপায়, যিয়ে পথাৰৰ বোকাত কেতিয়াও ভৰি থোৱা নাই, তেওঁলোকৰ বাবে বিহু এটা মাথো ‘উৎসৱ’, এটা ‘সাংস্কৃতিক সন্ধ্যা’। তেওঁ আকাশৰ ফালে চাই ক’লে, “সিহঁতে বিহু পাতিছে লোকক দেখুৱাবলৈ, নে নিজক জীয়াই ৰাখিবলৈ? যিদিনা আমাৰ এই পথাৰবোৰত হাউচিং ক’লনী বহিব, সেইদিনা সিহঁতে বিহু ক’ত পাতিব?
ডিঙিত ফুলাম গামোচা লৈ মঞ্চত বিহু নাচিলে জাতিটো বাচিব জানো? খেতিয়ক মৰিলে যে বিহুৰ উশাহো বন্ধ হ’ব, সেই কথাটো এই মানুহবোৰে যে কেতিয়া বুজিব?”
গাঁৱৰ বিশাল পথাৰখনৰ পৰা ৰান্ধনি বেলিয়ে লাহে লাহে বিদায় মাগিছিল। বিহু মঞ্চখনটো দুই এটাকৈ ৰঙীন পোহৰৰ লাইটবোৰ জ্বলিব আৰম্ভ কৰিছিল। ধৰণী ককায়েও নিধিৰামক মাত লগাই পথাৰৰ কাম সামৰি কোৰখন কান্ধত লৈ ঘৰলৈ যাব ওলাল। হঠাৎ মঞ্চখনৰ পৰা অহা তিৰবিৰাই যোৱা কিছু ৰঙীন পোহৰে তেওঁক কোবাই গ’ল। তেওঁ জানে, সেই পোহৰৰ জগতখনত তেওঁৰ স্থান নাই।
ধৰণী ককাইৰ এতিয়া মাথো এটাই অপেক্ষা- সোনকালে বৰষুণ এজাক আহিলে অন্তত পথাৰখন সোনকালে জীয়াই উঠিব। কাৰণ পথাৰ জীয়াই থাকিলেহে বিহু জীয়াই থাকিব, নহ’লে এইবোৰ কেৱল কিছুমান যান্ত্ৰিক কোলাহল হৈয়ে ৰৈ যাব।
👉নৱজ্যোতি কলিতা













