
অৱশেষত অপেক্ষাৰ সেই দিনটো আহিল। অপেক্ষাও আকৌ এদিন দুদিন নহয়, সুদীৰ্ঘ ৭ বছৰ ১০ মাহ। এই প্ৰায় ৮ বছৰীয়া অপেক্ষাৰ অন্তত সোমবাৰে কেৱল অসমে নহয়, সমগ্র দেশ কঁপাই যোৱা অভি-নীল হত্যাকাণ্ড (Abhi Neel Murder) গোচৰৰ ঐতিহাসিক ৰায় প্ৰদান কৰে নগাঁও আদালতে।

এদল উন্মত্ত লোকৰ হাতত অতি নৃশংস আৰু দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি ল’বলগাত হোৱা ঘটনাত আদালতে ২০ জনক দোষী সাব্যস্ত কৰে আৰু তেওঁলোকৰ শাস্তি স্থগিত ৰাখে। এই ২৪ এপ্ৰিলত এই শাস্তি ঘোষণা কৰা হ’ব।
উল্লেখযোগ্য যে অভি-নীল হত্যাকাণ্ডৰ গোচৰত মুঠ অভিযুক্ত আছিল ৪৮ জন। ইয়াৰে ভিতৰত তিনিজনক আদলতে জুভেইনাল ঘোষণা কৰিছিল। ফলত বাকী ৪৫ অভিযুক্তৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছিল।
এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছিল। এই প্ৰক্ৰিয়াত মুঠ ৭১ গৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণৰ অন্তত অৱশেষত নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতে চূড়ান্ত ৰায়দান প্ৰদান কৰে৷













