
চিৰাঙৰ (Chirang) ৰুণীখাতা বনাঞ্চলিক কাৰ্যালয়ত (Runikhata Regional Forest Office) উত্তেজনাপূৰ্ণ পৰিস্থিতি। কাৰ্যালয়টোত শতাধিক আদিবাসী পুৰুষ-মহিলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কাৰ্যালয়ৰ আচবাব ভাঙি চূড়মাৰ কৰে। বাহনতো অগ্নিসংযোগ কৰে। ইয়াৰ উপৰি প্ৰতিবাদকাৰীসকলে ১২৭ নং ভাৰত-ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। উক্ত ৰেঞ্জ অফিচৰ অধীনস্থ বনাঞ্চলত বেদখলৰ অভিযোগত কেইবাগৰাকীও লোকক আটক কৰাৰ পিছতে এই ঘটনাৰ সূত্ৰপাত ঘটে। ২৫ গৰাকী লোকক আটক কৰাৰ উপৰি মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ফলত অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।

আনহাতে, প্ৰতিবাদকাৰীয়ে বন বিভাগৰ কাৰ্যালয়টোত শিলাবৰ্ষণো কৰাত কেইবাজনো আৰক্ষী আহত হয়। আনহাতে, প্ৰতিবাদকাৰীয়ে কাৰ্যালয়টৰ পৰা ৪ টা অস্ত্ৰ লুট কৰাৰো অভিযোগ উঠিছে। ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰে আৰু পৰিস্থিতি এতিয়াও উত্তেজনাপূৰ্ণ বুলি জানিব পৰা গৈছে।













