
অহা ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল (HS Results)৷ সামাজিক মাধ্যমযোগে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (CM HimantaBiswa’s Announcement)৷ যোৱা ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈকে সমগ্ৰ ৰাজ্যৰ মুঠ ৮২১ টা পৰীক্ষা কেন্দ্ৰত এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হৈছিল৷

কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী এই আটাইকেইটা শাখাত এইবাৰ মুঠ ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ভিতৰচ কলা শাখাত ২,৪৭,৮৬৫ গৰাকী, বিজ্ঞান শাখাত ৬১,৫৬৮ গৰাকী, বাণিজ্য শাখাত ১৯, ৮০৬ গৰাকী আৰু বৃত্তিমুখী শাখাত মুঠ ১,৫০৫ পৰীক্ষাৰ্থী পৰীক্ষাত অৱৰ্তীণ হৈছে।









