
গুজৰাটৰ ভাৰুচ জিলা (Varuch district of Gujarat)ৰ ঝগড়িয়া ঔদ্যোগিক এলেকা (Agriya industrial area)ত বৃহস্পতিবাৰে সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ড (Large fire)। বৃহস্পতিবাৰে বিয়লি ঝাগাৰিয়াৰ ‘মেট্ৰ’পলিটান এক্সিমচেম প্ৰাইভেট লিমিটেড’ নামৰ ৰাসায়নিক কাৰখানা (Chemical factory)ত হঠাতে এক তীব্ৰ বিস্ফোৰণ সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰে যে এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে প্ৰায় ৪ কিলোমিটাৰ দূৰত্বৰ পৰা আকাশত ক’লা ধোঁৱা দেখা গৈছিল। এই দুৰ্ঘটনাত কমেও ১৫ জন শ্ৰমিক গুৰুতৰভাৱে অগ্নিদগ্ধ হয়। ইয়াৰে ৪ জনৰ অৱস্থা অতি সংকটজনক বুলি কোৱা হৈছে।
দিনৰ প্ৰায় ১১.৫০ বজাত সংঘটিত হয় এই বিস্ফোৰণ। সেই সময়ত কাৰখানাটোত পূৰ্ণ গতিত কাম চলি আছিল। কিন্তু কেইমুহূৰ্তমানৰ ভিতৰতে সমগ্ৰ চৌহদটো জুইৰ শিখাই আগুৰি ধৰে। ঘটনাৰ খবৰ পাই অংকলেশ্বৰ আৰু ঝগড়িয়াৰ পৰা ৮ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ক্ষীপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হয়। সুদীৰ্ঘ চাৰি ঘণ্টা ধৰি কঠোৰ প্ৰচেষ্টা চলোৱাৰ পিছতো জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল। অগ্নিদগ্ধ শ্ৰমিকক উদ্ধাৰ কৰি ততাতৈয়াকৈ অংকলেশ্বৰৰ জয়াবেন মোদী মাল্টিস্পেচিয়েলিটি হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

চিকিৎসকে কয় যে চাৰিজন শ্ৰমিকৰ শৰীৰৰ বহু অংশ জ্বলি যোৱাৰ বাবে তেওঁলোকৰ অৱস্থা অতি সংকটজনক। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছত কাৰখানাটোৰ সুৰক্ষা ব্যৱস্থাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। স্থানীয় প্ৰশাসন আৰু জিলা দণ্ডাধীশ গৌৰাং মাকৱানাই জানিবলৈ দিয়া মতে, বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু যিদৰে শ্ৰমিকসকলক জ্বলি থকা অৱস্থাত কাৰখানাৰ পৰা উলিয়াই অনা হৈছিল, ভিতৰত আন লোক আবদ্ধ হৈ থকাৰ আশংকা নুই কৰিব নোৱাৰি।
সম্প্ৰতি অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণৰ লগতে কাৰখানাটোত অনুসন্ধান চলাই আছে। চৌপাশৰ অঞ্চলত তীব্ৰ আতংক আৰু শোকৰ ছাঁ বিৰাজ কৰিছে। নিৰুদ্দেশ বা আহতসকলৰ পৰিয়ালৰ সদস্যসকলে চিকিৎসালয়ৰ বাহিৰত গোট খাইছে। স্থানীয় আৰক্ষী আৰু ঔদ্যোগিক সুৰক্ষা বিভাগে এই সন্দৰ্ভত বিতং তদন্ত আৰম্ভ কৰিছে।






