
উচ্চতম ন্যায়ালয়ত (Supreme Court) সবৰীমালা গোচৰ (Sobrimala case)ৰ শুনানিৰ সময়ত এক হাস্যৰসৰ মুহূৰ্তৰ সৃষ্টি হয়। বৃহস্পতিবাৰে ৯ জনীয়া সংবিধান বিচাৰপীঠে ধৰ্মীয় স্বাধীনতাৰ পৰিসৰ আৰু বিভিন্ন ধৰ্মৰ মহিলাৰ সৈতে বৈষম্যমূলক ব্যৱহাৰৰ ওপৰত দীঘলীয়া প্ৰশ্নোত্তৰ ছেছন অনুষ্ঠিত কৰি থকাৰ সময়তে ন্যায়াধীশ বি ভি নাগাৰত্নই এক মন্তব্য কৰে। তাৰ পিছতে আদালতত হাস্যৰসৰ সৃষ্টি হয়। এই বিচাৰপীঠৰ নেতৃত্বত আছে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত। জ্যেষ্ঠ অধিবক্তা নীৰজ কিষাণ কৌলে যুক্তি দি থকাৰ সময়তে কোনো উৎসৰ পৰা জ্ঞান বা প্ৰজ্ঞা গ্ৰহণ কৰাত কোনো সংকোচ হ’ব নালাগে বুলি কয়।
তেওঁ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ এটা প্ৰবন্ধৰ উদ্ধৃতি দিয়ে, য’ত ধৰ্মীয় বিশ্বাসৰ সৈতে জড়িত বিষয়ত ন্যায়িক সংযমৰ কথা কোৱা হৈছে। অধিবক্তা কৌলে যুক্তি দিয়ে যে আমাৰ সভ্যতা ইমানেই চহকী যে যিকোনো দেশ বা বিশ্ববিদ্যালয়ৰ পৰা অহা তথ্য আমি আদৰি ল’ব পাৰোঁ। এই হাস্যৰসৰ সুযোগ লৈ ন্যায়াধীশ নাগাৰত্নই হাঁহি হাঁহি কয়, “কিন্তু ৱাটছএপ ইউনিভাৰ্ছিটী (WhatsApp University)ৰ পৰা নহয়।” ন্যায়াধীশগৰাকীৰ এই মন্তব্যই আদালত কক্ষত হাঁহিৰ খোৰাক যোগায়। কিন্তু অধিবক্তাগৰাকীয়ে ৰসিকতাৰ মাজলৈ ন’গৈ তথ্যৰ উৎসৰ ওপৰত গুৰুত্ব দিয়াতকৈ তথ্যৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিব বিচৰা বুলি কয়।

অৱশ্যে এই ধেমেলীয়া মুহূৰ্তৰ আঁৰত গভীৰ আইনী বিতৰ্ক চলে। অধিবক্তা কৌলে বহৰা জনগোষ্ঠীৰ মুৰব্বীৰ হৈ যুঁজ দিছিল। তেওঁৰ মূল যুক্তি আছিল যে সংবিধানৰ ২৬(খ) অনুচ্ছেদৰ অধীনত এটা ধৰ্মীয় সম্প্ৰদায়ৰ নিজা ধৰ্মীয় কাম-কাজ চলোৱাৰ অধিকাৰ সদায় ২৫(২)(খ) অনুচ্ছেদৰ অধীনত সমাজ সংস্কাৰ আইনৰ জৰিয়তে দমন কৰা উচিত নহয়। তেওঁ স্পষ্ট কৰি দিয়ে যে যদি জনশৃংখলা, নৈতিকতা বা জনস্বাস্থ্যৰ বিষয় আছে, তেন্তে সেয়া বেলেগ কথা, কিন্তু কেৱল ‘সামাজিক সংস্কাৰ’ৰ নামত কোনো বিশেষ ধৰ্মীয় প্ৰথা সলনি কৰিব নোৱাৰি। ‘নৈতিকতা’ শব্দটোৰ ব্যাখ্যা এই বিতৰ্কৰ কেন্দ্ৰবিন্দুলৈ আহিছে। ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাই প্ৰশ্ন উত্থাপন কৰে যে পৰিৱৰ্তিত সময়ৰ লগত সংগতি ৰাখি এই গোচৰত ‘সাংবিধানিক নৈতিকতা’ৰ ধাৰণাটো কিয় প্ৰয়োগ কৰিব নোৱাৰি? ইয়াৰ উত্তৰত অধিবক্তা কৌলে সকীয়াই দিয়ে যে যদিহে প্ৰতিটো ধৰ্মীয় বিষয়ত সাংবিধানিক নৈতিকতা অনা হয় তেন্তে ই ৰচয়িতাসকলৰ মূল ধাৰণাটোৰ বহু ওপৰলৈকে বিস্তৃত হ’ব। তেওঁৰ মতে সামাজিক নৈতিকতা স্থিৰ কৰিব পাৰি, কিন্তু যিকোনো আপত্তিজনক প্ৰথা ইতিমধ্যে জনস্বাৰ্থৰ বিৰুদ্ধে বুলি গণ্য কৰা হয়, যাৰ বাবে কোনো নতুন মাপকাঠি আমদানি কৰাৰ প্ৰয়োজন নাই।
আদালতে আজি স্বীকাৰ কৰে যে ন্যায়িক মঞ্চত এটা ধৰ্মীয় গোটৰ কোনটো প্ৰথা অপৰিহাৰ্য আৰু কোনটো গৌণ সেইটো নিৰ্ণয় কৰাটো অতি কঠিন, প্ৰায় অসম্ভৱ। উল্লেখ্য যে ২০১৮ চনত এক ঐতিহাসিক ৰায়দানত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে ১০ৰ পৰা ৫০ বছৰৰ ভিতৰৰ ঋতুস্ৰাৱী মহিলাক সবৰীমালা মন্দিৰত প্ৰৱেশৰ নিষেধাজ্ঞা উঠাই দিছিল। সেই ৰায়ক প্ৰত্যাহ্বান জনাই এই বৃহত্তৰ বিচাৰপীঠত বৰ্তমান শুনানি চলি আছে, য’ত অনাগত দিনত ধৰ্মীয় স্বাধীনতা আৰু লিংগ সমতাৰ মাজত নতুন ভাৰসাম্য গঢ়ি উঠিব পাৰে বুলি আশা কৰা হৈছে।







