
নিৰ্বাচনৰ দিনাই বিয়া (Wedding on the election day)। এফালে জীৱনৰ আটাইতকৈ ডাঙৰ ক্ষণ, আনফালে গণতান্ত্ৰিক অধিকাৰ সাব্যস্তৰ সময়। সেয়ে বিবাহপাশত আবদ্ধ হৈয়ে ভোটগ্ৰহণ কেন্দ্ৰত (At polling station) উপস্থিত হয় নৱদম্পতী (Present newlyweds)। লগতে শাৰী পাতি ভোটদানো কৰে।

উল্লেখ্য যে বৃহস্পতিবাৰে পশ্চিমবংগ আৰু তামিলনাডুত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ২৩৪ আসনৰ তামিলনাডু বিধানসভাৰ বাবে এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। তাৰ মাজতে ৰাজ্যখনত বিবাহপাশত আবদ্ধ হৈয়ে ভোটগ্ৰহণ কেন্দ্ৰত নৱবিবাহিত দম্পতী উপস্থিত হোৱা এক ভিডিও বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। অৱশ্যে কোনটো ভোটকেন্দ্ৰত তেওঁলোকে ভোটদান কৰিছিল সেয়া জানিব পৰা হোৱা নাই। মাথোঁ এইটো জানিব পৰা গৈছে যে তেওঁলোকে চেন্নাইৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিছিল। এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে নেটিজেনৰ মাজত তীব্ৰ চৰ্চা চলে। বিয়াৰ সমান্তৰালভাৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে তেওঁলোকৰ দায়বদ্ধতাৰ কথাও চৰ্চিত হৈছে।







