
৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগা অসম বিধানসভা নিৰ্বাচন (Assam Assembly Election)ত ১২৬ টা সমষ্টিত মুঠ ৭২২ গৰাকী প্ৰাৰ্থী (722 candidates)য়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰে ভিতৰত পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ৬৬৩ গৰাকীৰ বিপৰীতে মহিলা প্ৰাৰ্থী হৈছে ৫৯ গৰাকী। ৰাজ্যিক নিৰ্বাচন আয়োগে শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগৰ তথ্য মতে, ১২২ নং আলগাপুৰ-কাটলিচেৰা আৰু ১২৪ নং দক্ষিণ কৰিমগঞ্জ সমষ্টি দুটাৰ পৰা সৰ্বাধিক ১৫ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে, ৩১ নং ৰঙিয়া, ৫২ নং জাগীৰোড (অনুসূচিত জাতি), ৬৩ নং হোজাই, ৬৯ নং নদুৱাৰ, ৮০ নং জোনাই (অনুসূচিত জনজাতি), ৮২ নং ডুমডুমা, ৯৪ নং মাহমৰা, ৯৯ নং টীয়ক আৰু ১১৪ নং লখিমপুৰ এই ৯টা সমষ্টিৰ পৰা সৰ্বনিম্ন ২ জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
১২৬ টা সমষ্টিৰ দল অনুযায়ী প্ৰাৰ্থীৰ সংখ্যা
আম আদমী পাৰ্টী : ১৮
ভাৰতীয় জনতা পাৰ্টী : ৯০
চিপিআই (এম) : ২
ভাৰতীয় জাতীয় কংগ্ৰেছ : ৯৯
অসম গণ পৰিষদ : ২৬
এ আই ইউ ডি এফ : ৩০

বি পি এফ : ১১
ইউ পি পি এল : ১৮
অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক : ২
অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ : ২২
অপনী জনতা পাৰ্টী : ২
অসম জাতীয় পৰিষদ : ১০
ভাৰতীয় গণ পৰিষদ : ৪
চি পি আই : ৩
চি পি আই (এম এল) : ৩
গণ সুৰক্ষা পাৰ্টী : ১০
গোণ্ডৱানা গণতন্ত্ৰ পাৰ্টী : ৩
ঝাৰখণ্ড মুক্তি মৰ্চা : ১৬
নেচনেল পিপ’লছ পাৰ্টী : ২
ৰাইজৰ দল : ১৩
ৰাষ্ট্ৰীয় উলেমা কাউন্সিল : ১০
ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া (আঠৱালে) : ৪
ৰিভ’লিউশ্যনেৰী কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (ৰসিক ভট্ট) : ১
ছ’চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট) : ৪১
দ্য নেশ্যনেল ৰোড মেপ পাৰ্টী অৱ ইণ্ডিয়া : ২
বিকাশ ইণ্ডিয়া পাৰ্টী : ৫
ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেল : ১৭
নিৰ্দলীয় : ২৫৮













