
ডিজিটেল জগত (Digital world)ত আন এক অভিলেখ গঢ়িলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Modi)। ইনষ্টাগ্ৰামৰ (Instragram) পিছত এইবাৰ তেওঁ ইউটিউবতো জনপ্ৰিয়তাৰ (Popularity on YouTube) শিখৰত উপনীত (Reached the peak) হৈছে। প্ৰথম বিশ্ব নেতা হিচাপে প্ৰধানমন্ত্ৰীয়ে ইউটিউবত ৩ কোটি গ্ৰাহকৰ সীমা অতিক্ৰম কৰিছে। আৰু তাৰ লগে লগে তেওঁ এই ডিজিটেল প্লেটফৰ্মতো জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছে। কেৱল সেয়াই নহয়, মোদীৰ ইউটিউব একাউণ্টটোৱেই আটাইতকৈ বেছি ‘ছাবস্ক্ৰাইব’ কৰা চেনেল।
এই ডিজিটেল প্লেটফৰ্মত অনুগামীৰ ক্ষেত্ৰত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছোনাৰো মোদীৰ কাষত আছে যদিও তেওঁৰ গ্ৰাহকৰ সংখ্যা মোদীৰ মুঠ গ্ৰাহকৰ এক চতুৰ্থাংশ। ৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্থাৎ ভাৰতীয় ৰাজনীতিবিদৰ মাজত মোদীৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

উল্লেখযোগ্য যে ২৬ ফেব্ৰুৱাৰীত মোডীয়ে ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ লাভ কৰা প্ৰথমজন বিশ্ব নেতা হিচাপে পৰিগণিত হয়। উক্ত ডিজিটেল প্লেটফৰ্মত মোদীৰ পিছত আছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোধ ছুবিয়ানো। তেওঁৰ অনুগামীৰ সংখ্যা ডেৰ কোটি। তেওঁৰ পিছত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা চিলভা (১কোটি ৪৪ লাখ), তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টায়িপ এৰদোগান (১কোটি ১১লাখ) আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিয়েলে (৬৪ লাখ)। ইয়াৰ পৰা স্পষ্ট যে দেশতেই হওক বা বিদেশতেই হওক যুৱক-যুৱতীসকলৰ মাজত মোদীৰ জনপ্ৰিয়তা স্পষ্টভাৱে অতি বেছি।
ইনষ্টাগ্ৰামত জনপ্ৰিয়তাৰ ক্ষেত্ৰত দেশৰ ৰাজনৈতিক আৰু হেভিৱেট নেতাকো অতিক্ৰম কৰিছে মোদীয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ত মোদীৰ পিছত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। তেওঁৰ অনুগামী ১ কোটি ৬১ লাখ। তেওঁৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধী (১কোটি ২৬ লাখ)। উল্লেখযোগ্য যে ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত মোদীয়ে ইনষ্টাগ্ৰামত একাউণ্ট খুলিছিল।তেতিয়াৰে পৰা এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ জনপ্ৰিয়তা যোৱা দশকত দ্ৰুতগতিত বৃদ্ধি পাইছে। এইবাৰ ইউটিউবতো জনপ্ৰিয়তাৰ ক্ষেত্ৰত মোদীয়ে বিশ্বৰ নেতাসকলক চেৰ পেলাইছে।










