
ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন পাঁচ ব্যক্তি। গুৱাহাটীৰ খাৰঘুলিৰ জয়পুৰত বুধবাৰে দিনৰ ১১ মান বজাত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে সন্ধানহীন লোককেইজন হৈছে উপেশ কুমাৰ (শোণিতপুৰ), প্ৰতাপ (বিশ্বনাথ), অভিজিত (গুৱাহাটী), সাগৰ (গুৰগাঁও) আৰু ৰৌণক সাদাক (বঙাইগাঁও)।

জানিব পৰা মতে, মুঠ ৯ জন লোক ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামিছিল। তাৰে চাৰিজনে সাঁতুৰি পাৰলৈ উঠি আহিবলৈ সক্ষম হয়। তাৰে ভিতৰত বৃন্দাবনৰ প্ৰণৱ নায়াৰ নামৰ এজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, তেওঁলোক ৯ জনে খাৰঘুলিৰ ভক্তি কুটীৰলৈ আহিছিল। তাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈ ফুৰিবলৈ গৈ গোটেইকেইজন ব্ৰহ্মপুত্ৰত নামিছিল। তেনেতে নদীৰ চাকনৈয়াত পৰে। তাৰে ভিতৰত সাঁতুৰিব জনাকেইজন পাৰলৈ উঠি আহে যদিও সাঁতুৰিব নজনাকেইজন ডুব যায়।
ইফালে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ চাৰিখন নাৱেৰে প্ৰায় দুই কিলোমিটাৰ অনুসন্ধান চলায় যদিও বৰ্তমানলৈকে তেওঁলোকৰ কোনো সন্ধান পোৱা নাই। অৱশ্যে সন্ধিয়া হোৱাৰ বাবে দিনটোৰ অভিযান সামৰে যদিও বৃহস্পতিবাৰে পুৱাৰ পৰা সন্ধানহীন ৫ জন লোকৰ সন্ধানত পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলাব।
জানিব পৰা মতে, লোককেইজন বুধবাৰে দিনৰ ভাগত তেজপুৰৰ পৰা আহিছিল। ইফালে ঘটনাৰ পিছত সন্ধানহীন লোককেইজনৰ আন চাৰিজন বন্ধুৱে লতাশিল আৰক্ষী থানাত ঘটনাৰ বিষয়ে অৱগত কৰাত আৰক্ষী আৰু এন ডি আৰ এফৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান আৰম্ভ কৰে।
লতাশিল আৰক্ষীয়ে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা লোককেইজনৰ কাপোৰ উদ্ধাৰ কৰিছে। আনহাতে, এজন লোকৰ ভোটাৰ পৰিচয়-পত্ৰ, আধাৰ কাৰ্ড আৰু পেন কাৰ্ড উদ্ধা কৰে। উদ্ধাৰ হোৱা পৰিচয়-পত্ৰখনত উপেশ কুমাৰৰ নাম লিখা আছে।












