
জুবিন গাৰ্গৰ (Zubeen Garg) মৃত্যুৰ গোচৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আন এক সফলতা। এইবাৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চলোৱাৰ ক্ষেত্ৰত তদন্তকাৰীৰ আন এক পথ প্ৰশস্ত হ’ল।

কাৰণ কেন্দ্ৰীয় চৰকাৰে জুবিন হত্যাৰ অভিযুক্তৰ ওপৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২০৮ ধাৰা প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অনুমোদন দিছে।
এই ধাৰাৰ অধীনত বিদেশত সংঘটিত কোনো অপৰাধৰ অপৰাধীৰ ওপৰত গোচৰ ৰুজু কৰাত সহায় কৰে। এই কথা সামাজিক মাধ্যমযোগে জনাইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে জনায় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিয়ে অহা ১০ ডিচেম্বৰত জুবিন হত্যা গোচৰৰ অভিযোগনামা দাখিল কৰিব।
ইফালে কেন্দ্ৰীয় চৰকাৰৰ পৰা এনে অনুমোদন লাভ কৰাটোৱে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে এছ আই টিৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তাই। মঙলবাৰে সংবাদ মাধ্যমৰ আগত মুন্নাপ্ৰসাদ গুপ্তাই কয় যে যদি বিদেশত সংঘটিত কোনো অপৰাধমূলক ঘটনাত ভাৰতীয় নাগৰিক জড়িত থাকে তেন্তে তেওঁৰ বিৰুদ্ধে আদালতত গোচৰ চলোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন।
যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা বিদেশত হৈছিল, সেয়ে এতিয়া ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২০৮ ধাৰাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে তদন্ত চলোৱাৰ অনুমোদন আগবঢ়াইছে। ইয়াৰ ফলত গোচৰটো আগবঢ়াই নিয়াত সুবিধা হ’ব।











