
অসমীয়া সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ বৰ্তমান লণ্ডনত। ইতিমধ্যে অসম তথা ভাৰত চৰকাৰৰ তৰফৰ পৰা এই আপুৰুগীয়া সম্পদ উভতাই আনিবলৈ কেইবাবাৰো প্ৰচেষ্টা চলোৱা হৈছে।

কিন্তু ইয়াক ঘূৰাই অনাটো এতিয়ালৈকে সম্ভৱ হোৱা নাই। এইবাৰ এইক্ষেত্ৰত পুনৰ আগভাগ লৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। যাৰ বাবে তেওঁ লণ্ডন অভিমুখে ৰাওনা হৈছে। তাত তেওঁ ১৬ নৱেম্বৰত ব্ৰিটিছ মিউজিয়ামৰ সৈতে এক বুজাবুজিৰ চুক্তিত অসম চৰকাৰৰ হৈ স্বাক্ষৰ কৰিব।
এই সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয়, “বৃন্দাবনী বস্ত্ৰ কেৱল এখন বস্ত্ৰই নহয়, ই অসমীয়া জাতিৰ স্বাভিমান, জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য কীৰ্তি। যুগে যুগে ভগৱান শ্ৰীকৃষ্ণৰ অনন্য লীলাই সনাতনী সংস্কৃতিক উজ্জীৱিত কৰি ৰাখিছে। বৃন্দাবনী বস্ত্ৰখনিৰ লগত শ্ৰীকৃষ্ণৰ অপাৰ মহিমা জড়িত হৈ আছে।”
তেওঁ লগতে কয়, “আপোনালোকৰ অৱগত যে সেই বৃন্দাবনী বস্ত্ৰখন লণ্ডনৰ সংগ্ৰহালয়ত বৰ্তমান সংৰক্ষিত কৰি ৰখা হৈছে। অসমলৈ কিদৰে সেই অমূল্য সম্পদবিধ ঘূৰাই আনিব পাৰোঁ, সাময়িকভাৱে কি পদক্ষেপ ল’ব পাৰোঁ, তাৰেই পৰিকল্পনাৰ বাবে মই লণ্ডনলৈ যাত্ৰা আৰম্ভ কৰিছোঁ।”












