
শুকুৰবাৰে সোণাপুৰৰ সমাধিক্ষেত্ৰত জুবিন গাৰ্গক (Zubeen Garg) শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ইয়াৰ বাবে তেওঁ এদিনীয়া কাৰ্যসূচীৰে দুপৰীয়া বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়।

তাৰ পৰা তেওঁ পোনে পোনে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ যায়। আনহাতে, সমাধিক্ষেত্ৰত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কাহিলিপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহলৈ গৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে৷ তেওঁ পিতৃ কপিল ঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰি তেওঁলোকৰ দুখৰ সমভাগী হয়।
আনহাতে, সমাধিক্ষেত্ৰলৈ যোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি আন কংগ্ৰেছ নেতাসকলৰ সৈতে ৰাহুল গান্ধীয়ে কিছু সময় তাত মাটিত বহি সময় কটায়। ইয়াৰ উপৰি জুবিন গাৰ্গৰ সমাধিস্থলীত ৰাহুল গান্ধীয়ে জুবিন গাৰ্গৰ প্ৰিয় নাহৰ গছৰ এটি পুলিও ৰোপণ কৰাৰ লগতে নাম-কীৰ্তনত অংশগ্ৰহণ কৰে আৰু জুবিনৰ সমাধিত ধূপ-বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷













