
আজিৰে পৰা দুদিনীয়া কাৰ্যসূচী লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi) অসমত উপস্থিত হ’ব।
প্ৰধাধমন্ত্ৰী গৰাকীয়ে অসম ভ্ৰমণ কালত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণৰ লগতে নাৰ্চিং মহাবিদ্যালয়, কুৰুৱা-নাৰেগী সেতু আৰু ৰিং ৰোডৰ আধাৰশিলা স্থাপনৰ সমান্তৰালকৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰিব। নুমলগীড়ত তেখেতে বায়’ফুৱেল ৰিফাইনেৰীও উদ্বোধন কৰিব।

প্ৰায় ১৮৫০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন কৰি অসমবাসী ৰাইজৰ বাবে উচৰ্গা কৰিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে অসমত উন্নয়নমূলক কামৰ সূচনা কৰি ৰাজ্যখনৰ সমৃদ্ধি আৰু উন্নয়নৰ পথ প্ৰশস্ত কৰিব বুলি এতিয়া সকলোৱে আশা প্ৰকাশ কৰিছে।













