![]()
শুকুৰবাৰে পুৱাতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ উন্নয়ন মূলক কাম-কাজ পৰিদৰ্শন কৰে।চলিত বৰ্ষৰ ডিচেম্বৰৰ মাহত কাৰ্বি আংলঙ- বাসীয়ে লাভ কৰিব বহু কেইটা ডাঙৰ উপহাৰ।পাহাৰীয়া ৰাইজক উপহাৰ দিবলৈ তৎপৰ তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে।

আজি নিৰ্মীয়মাণ ডিফু – ৮ কিলো গাৰ্ডেেন সংযোগী চাৰি লাইনযুক্ত পথ পৰিদৰ্শন CEM তুলিৰাম ৰংহাঙৰ।নিৰ্মাণকাৰী কোম্পানীটোৰ বিষয়াৰ পৰা পথটোৰ কামৰ অগ্ৰগতিৰ বুজ লৈ তুলিৰাম ৰংহাঙে ক’লে- ‘চাৰি লাইনযুক্ত পথটো থাকিব দুয়োকাষে নলা আৰু ডিভাইদাৰ,তাৰ মাজত থাকিব এখন সুন্দৰ গাৰ্ডেন৷
তদুপৰি ডিফু-লামডিং পথৰ অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ সন্মূখন কাৰ্বি সাংস্কৃতিক গুৰু ৰাংছিনা ছাৰপ’ৰ বৃহৎ প্ৰতিমূৰ্তি স্থাপন কৰা হব ৷চাৰিলেন যুক্ত পথৰ চাৰিআলি সমূহত কাৰ্বি পৰাম্পৰাগত ব্যক্তি সকলৰ প্ৰতিমুৰ্তি স্থাপন কৰা হব ৷
উক্ত চাৰি লাইনযুক্ত পথটোৰ লগতে ডিফুত নিৰ্মাণৰত ক্ৰমে-ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ এটা ছুইমিং পোল৷এখন কেঞ্চাৰ হাস্পতাল,উৰণীয়া সেতু আৰু এটা সৌন্দৰ্যবৰ্ধক লেক ৰাইজক উপহাৰ দিয়া হ’ব ডিচেম্বৰত৷ ইতিমধ্য নিৰ্মিয়মান পথৰ দুয়োকাষে থকা অবৈধ নিৰ্মান উচ্ছেদ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷












