দেওবাৰে দিনৰ ১২ বজাত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে লখিমন ধৰ্মৰ চাৰি আশ্ৰম ক্ষেত্ৰৰ বিশাল ৰাজহুৱা একতা মহা সন্মিলন অনুষ্ঠিত হৈ যায় ৷ কাৰবি আংলঙৰ চাৰি আশ্ৰমৰ প্ৰায় ৫ সহস্ৰাধিক লখিমন ধৰ্মালম্বীৰ ভক্তপ্ৰাণ সকলে মহা সন্মিলন খনত সুন্দৰ আৰু আকৰ্ষণীয় নিয়মানুৱৰ্তিতা পালন কৰা পৰিলক্ষিত হয় ৷

সন্মিলনখনত মুখ্য অতিথি হিছাপে উপস্থিত থাকে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙ৷ ইয়াৰোপৰি স্থানীয় এমএচি জনি তিমুঙকে প্ৰমুখ্য কৰি পৰিষদৰ অনান্য ইএম আৰু এমএচি সকলো উপস্থিত থাকে ৷ সন্মিলনখন লখিমন ধৰ্মৰ কণ কণ শিশু সকলে আকৰ্ষণীয় যোগ প্ৰদৰ্শন কৰাৰ ওপৰিও গুৰু লক্ষণ ইংতি হেনচেকৰ অনুসৰণকাৰী সকলে ভক্তিমুলক গীত নৃত্য প্ৰদৰ্শন সন্মিলনখনিক জীপাল কৰি তোলে ৷
পৱিত্ৰ সন্মিলনখনত এক শান্তিময় আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে ৷ সন্মিলখনত ভাষণ প্ৰদান কৰি চিইএম তুলিৰাম ৰংহাঙে লখিমন ধৰ্মৰ বাবে বছৰি ২০ লাখ টকা পৰিষদৰ বাজেটত ধাৰ্য কৰা হব বুলি ঘোষণা কৰে ৷