![]()
বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ মান বজাত বোকাজান হাতীগড় কাৱাৰাম গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড (Bokajan Murder) । স্বামীৰ হাতত নিহত হ’ল পত্নী। বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড় কাৱাৰাম গাওঁত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।

হত্যাকাৰী স্বামী তপন কাকতি য়ে পত্নী কনিকা কাকতিক আজি পুৱাৰ ভাগত শুই থকা অৱস্থাত ‘দাৰে’ ডিঙি ৰেপি হত্যা কৰে ৷
বোকাজান আৰক্ষী ঘটনা স্থলিত উপস্থিত হৈ আহত কণিকা কাকতিক বোকাজান অসামৰিক চিকিৎসা কেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বৰ্তমানলৈকে বোকাজান আৰক্ষীয়ে পত্নী হত্যাকাৰী তপন কাকতিক আটক কৰি হত্যাকাণ্ডৰ বিষয়ে তদন্ত আৰম্ভ কৰিছে।













