
শণিবাৰে দিনৰ ১২ বজাত ডিফুত হিলছ পিপুলছ কালচাৰেল ফ’ৰামৰ নেতৃবৰ্গই এক সংবাবদমেল সম্বোধন কৰে ৷ সংবাদমেল সম্বোধন কৰি হিলছ পিপুল কালচাৰেল ফ’ৰামৰ অধ্যক্ষ লাইচান ইংলেঙে তিনি পাৰ্বত্য জিলা বাসীৰ দীৰ্ঘদিনীয়া সাংবিধানিক দাবী অনুচ্ছদ ২৪৪(ক) ৰূপায়ণ সন্দৰ্ভত আনুষ্ঠানিক ভাবে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে cem তুলিৰাম ৰংহাঙৰ নেতৃত্বত ফ’ৰাম ফৰ হিলছ অটনমাছ ষ্টেট মভমেণ্ট আৰু অনান্য সংগঠনৰ সৈতে হোৱা আলোচনাক নেতৃবগৰ আদৰণি জনায় ৷

২৪৪(ক) ৰূপায়নৰ ক্ষেত্ৰত তিনি মাহৰ ভিতৰত ত্ৰিপাক্ষীক বৈঠক অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰীৰ প্ৰতিস্ৰুতিৰো শলাগ লয় ইংলেঙে ৷
CEM’ তুলিৰাম ৰংহাঙৰ নেতৃত্বত কালি গুৱাহাটীত মুখ্য মন্ত্ৰীৰ সৈতে ২ ঘণ্টীয়া ধৰি চলা আলোচনাখন স্বায়ত্তৰাজ্য লাভৰ ইতিবাচক দিশে আগবাঢ়িছে বুলি নেতৃবৰ্গৰ মন্তব্য কৰে ইংলেঙে
অনুচ্ছেদ ২৪৪(ক) ৰূপায়ন হলে তিনি পাৰ্বত্য জিলাৰ ৰাইজৰ দ্ৰুতগতিত উন্নয়ণ হ’ব বুলিও নেতৃবৰ্গে আশা প্ৰকাশ কৰে। এই বিষয়টো লৈ কোনোৱে যাতে ৰাজনিতি নকৰে তাৰ বাবে সংবাদ মেল সম্বোধন কৰি HPCF’ৰ ২৯টা জাতী-জনজাতী সংগঠনৰ নেতৃবৰ্গই আহ্বান জনায়।
তদুপৰি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সৈতে চলা আলোচনাত জিলাখনৰ প্ৰাক্ত সাংসদ জয়ন্ত ৰংপি,প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জৎছন বে’ লগতে জিলাখন আগশাৰীৰ সমাজিক সংগঠনৰ সদস্যসকল উপস্থিত থকাৰ কথাও অৱগত কৰে।













