
শণিবাৰে পুৱা প্ৰায় ৭ বজাত সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি ডিফুতো ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস (International Yoga Day) উদযাপন কৰা হয় ৷ ৰাজ্যিক আয়ুস মিচনৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগ় ডিফুৰ ছাৰচিং টেৰণ লাংকুং হাবে মেমৰিয়েল মালটি পাৰপ’জ স্পৰ্টছ কমপ্লেক্সত দুই শতাধিক লোকৰ অংশ গ্ৰহণেৰে যোগ দিৱস উদযাপন কৰা হয় ৷

উক্ত যোগ দিৱসৰ কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম ডঃ তুলিৰাম ৰংহাঙকে প্ৰমুখ্য কৰি বিধায়কদ্বয় বিদ্যাছিং ইংলেঙ, দৰছিং ৰংহাঙ, জিলা আয়ুক্ত নিৰলা ফাংচপী আৰু অনান্য গণ্য মান্য ব্যক্তি সকলে যোগাভ্যাস কৰে ৷













