
কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত শণিবাৰে বিয়লি ৩ মান বজাত সমগ্ৰ অসমৰ লগতে ডিফু জিলা সত্ৰ ও ন্যায়াধীশৰ আদালতত ৰাষ্ট্ৰীয় লোক আদালত সম্পন্ন হৈ যায় ৷ ডিফুৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ লগতে বোকাজান মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদতো এই লোক আদালত অনুষ্ঠিত হয় ৷

উক্ত লোক আদালতত পঞ্জীয়নকৃত গোচৰ প্ৰাক পৰ্যায়ৰ বিষয় যেনে, বেংকৰ অনাদায় ঋণ বৈদ্যুতিক বিল, টেলিফোন বিলৰ বিষয় আদিলৈ মুঠ ১৭৭৭ টা গোছৰৰ পৰা ২৩৪ টা গোছৰৰ মীমাংসা হোৱাৰ লগতে মুঠ ৫১ লাখ ১৩ হাজাৰ ৮০৫ টকা আদায় লোৱা হয় ৷

ইয়াৰোপৰিও বিভিন্ন আদালতত চলি থকা গোছৰ যেনে ঘৰুৱা বিবাদৰ গোছৰ,যান-বাহন আইন সম্পৰ্কীয় গোছৰ দেৱানী গোছৰ আদিকে ধৰি মুঠ ২৯৪ টা গোছৰৰ পৰা ৯৮ টা গোছৰ মীমাংসা হোৱাৰ লগতে মুঠ ৯২ হাজাৰ ৪০০ টকা জৰিমনাও আদায় লোৱা হয় ৷ উক্ত লোক লোক আদালতত সৰ্বমুঠ অধিগৃহিত মামলা আছিল ২০৭১ টা আৰু তাৰ মাজৰ পৰা ৩৩২ গোছৰৰ নিষ্পত্তি হোৱাৰ লগতে মুঠ ৫২ লাখ,৬ হাজাৰ২০৫ টকা আদায় লোৱা হয় ৷












