
ডিমা হাচাও জিলাৰ মেধাবী ছাত্রী ৰশ্মিতা হোজাইৰ বহিঃৰাজ্য উত্তৰাখণ্ডত ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ধনশিৰিত বিভন্ন দল-সংগঠনে হাতে হাতে মম বাতিলৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম তিলোত্তমা হাষ্ণুৱে অংশ গ্ৰহণ কৰি উক্ত কাৰ্যৰ গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে ক্ষীপ্ৰ ন্যায় বিচাৰে ৷ উল্লেখ্য যে ডিমা হাচাও জিলাৰ চনটিলাৰ ৰশ্মিতা হোজাইয়ে ৰে’ল বৰ্ডৰ পৰীক্ষা দিবলৈ দিল্লীলৈ গৈছিল। দিল্লীৰ পৰা দুগৰাকী বন্ধুৰ সৈতে বশ্মিতা উত্তৰাখণ্ডৰ ঋষিকেশলৈ গৈছিল।

ঋষিকেশত ৰশ্মিতা নিখোজ হোৱা বুলি ৰশ্মিতাৰ দুগৰাকী বন্ধু হেমন্ত শৰ্মা আৰু পংকজ কাক্কৰে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। যোৱা ৫ জুনৰ পৰা নিৰুদ্দেশ হৈ থকা ৰশ্মিতাৰ মৃতদেহ কালি উত্তৰাখণ্ডৰ পাউৰি গাড়োবাল জিলাৰ গংগা নদীৰ পাৰত উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল।













