কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬ টা পৰিষদীয় সমষ্টিৰ বিভিন্ন সভাপাতি সেই সকল কৰ্মী সমৰ্থকক বিজেপি দললৈ আকোৱালি লৈছে চিইএম তুলিৰাম ৰংহাঙে ৷ প্ৰতিকুল বতৰৰ মাজতো সোমবাৰে দিনৰ প্ৰায় ২ মান বজাত লুম্বাজং পৰিষদীয় সমষ্টিৰ দেকই তেৰাঙ গাঁৱৰ খেলপথাৰত অনুষ্ঠিত হয় বিজেপিৰ বৃহৎ গণ যোগদান কাৰ্যসূচী ৷

উক্ত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙ আৰু তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ অমৰচিং তিচ’, বিধায়ক বিদ্যাছিং ইংলেঙ, স্থানীয় এমএচি জনি তিমুঙ আৰু বিজেপিৰ শীৰ্ষ নেতা কৰ্মীৰ উপস্থিত এপিএইছএলচি আৰু কংগ্ৰেছ দলৰ দলৰ তিনি সহস্ৰাধিক লোকে বিজেপিৰ নীতি আদৰ্শক বিশ্বাস কৰি বিজেপিত আনুষ্ঠানিক ভাবে যোগদান কৰে বুলি জানিব পৰা গৈছে ৷
আনহাতে উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰখি অসম-চৰকাৰৰ বসুন্ধৰা ৩’০ আঁচনিৰ আৰ্হিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ‘পুৰথিমি আকেমাঙ’ৰ অধীনত ভূমিহীন খিলঞ্জীয়া লোকক পট্টা প্ৰদান কৰে চিইএম তুলিৰাম ৰংহাঙে ৷