
বিগত কেইবা দিন ধৰি ৰাজ্যজুৰি অব্যাহত থকা প্ৰৱল বৃষ্টিপাতৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হোৱাৰ লগতে বাঢ়নী পানীৰ সোঁতত বহু জনে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ সময়তে আজি কাৰ্বি আংলং জিলাৰ মাঞ্জাত এটি ছবছৰীয়া শিশুক বাঢ়নী পানীৰ কোবাল সোঁতে উটুৱাই নিয়াৰ বাতৰি পোৱা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, আজি দিনৰ প্ৰায় ১২ বজাত মাঞ্জা কুকি কলনিৰ প্ৰথম নুনিছাৰ পুত্ৰ প্ৰথম নুনিছা (৬)ই নিজ মাতৃৰ সৈতে ডিলাই নৈত মাছ ধৰিবলৈ যোৱাৰ সময়তে নৈৰ পানীত পিছলি পৰাত নৈৰ কোবাল সোঁতে শিশুটিক উটুৱাই লৈ যায়।
পুত্ৰক উদ্ধাৰৰ বাবে মাতৃয়েও নৈত জাপ দিয়ে যদিও স্থানীয় লোকৰ তৎপৰতাত মহিলাগৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে। ঘটনাটোত অতি গুৰুতৰভাৱে আহত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে।
ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে উদ্ধাৰকাৰী বাহিনীৰ সহায়ত নৈত অভিযান চলায় যদিও কম পোহৰৰ বাবে সন্ধিয়া উদ্ধাৰ অভিযান বন্ধ কৰিবলগীয়া হয়। কাইলৈ পুৱা পুনৰ উদ্ধাৰ অভিযান চলোৱা হʼব।













