
‘অপাৰেচন সিন্দুৰ’ৰ (Operation Sindoor) সময়ত পাকিস্তানক চাৰিটা টুকুৰা কৰি পেলাব পাৰিলেহেঁতেন৷ থলুৱাভাৱে নিৰ্মিত নৌসেনাৰ জাহাজ ‘আই এন এছ বিক্ৰান্ত’ত থকা নৌসেনাৰ বিষয়াসকলক সাক্ষাৎ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই দাবী কৰে।

ৰাজনাথ সিঙে তেওঁৰ দাবীৰ সমৰ্থনত ব্যাখ্যাও আগবঢ়ায়। তেওঁ কয় যে ভাৰতীয় নৌসেনাই যদি ‘অপাৰেচন সিন্দুৰ’ত সেনা আৰু বায়ুসেনাৰ লগত যোগদান কৰিলেহেঁতেন, তেন্তে পাকিস্তানক চাৰিটা টুকুৰা কৰিব পৰা গ’লহেঁতেন৷ শুকুৰবাৰে গোৱাৰ পৰা পাকিস্তানলৈ টোপ নিক্ষেপ কৰে ৰাজনাথ সিঙে।
তেওঁ কয় যে পাকিস্তানে নিজৰ মাটিৰ পৰা সন্ত্ৰাসবাদৰ শিপা উভালি পেলাব লাগিব। এই প্ৰসংগত ৰাজনাথ সিঙে কয়, “যদি পাকিস্তানে সঁচাকৈয়ে আলোচনা বিচাৰে তেন্তে হাফিজ ছৈয়দ আৰু মাছুদ আজহাৰক ভাৰতক গতাই দিব লাগে। তেতিয়া ন্যায় হ’ব।”
১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ বিষয়টোও ৰাজনাথ সিঙে ভাষণ প্ৰসংগত উত্থাপন কৰে। তেওঁ কয়, “১৯৭১ চনত ভাৰতীয় নৌসেনাই যুদ্ধত প্ৰৱেশ কৰাৰ পিছত পাকিস্তান দুটা ভাগত বিভক্ত হৈছিল (পাকিস্তান আৰু পূৰ্বৰ পূব পাকিস্তান, বৰ্তমান বাংলাদেশ)।
শুকুৰবাৰে ৰাজনাথ সিঙে আৰব সাগৰত থকা ‘আই এন এছ বিক্ৰান্ত’ পৰিদৰ্শন কৰে। সামগ্ৰিক পৰিস্থিতি আৰু প্ৰস্তুতি পৰীক্ষা কৰা হয়। ইয়াৰ পাছতে তেওঁ পাকিস্তানৰ সৈতে হোৱা সংঘাতৰ সময়ত সাগৰত ভাৰতৰ আধিপত্য নিশ্চিত কৰাৰ বাবে নৌসেনাক ধন্যবাদ জনায়।











