পৰিষদৰ বন বিভাগত নিযুক্তি কেলেংকাৰী সংঘটিত কৰা মুন ইংতিপীৰ সৈতে পৰিষদৰ কোনো সম্পর্ক নাই। এই দাবী কার্বি আংলং জিলা বিজেপিৰ। উল্লেখ্য যে নাগৰিক সুৰক্ষা মঞ্চৰ মহাজন ক্র’ৱে ডিফু আৰু গুৱাহাটীত সংবাদমেল আয়োজন কৰি মুন ইংতিপীয়ে বন বিভাগত নিযুক্তিৰ নামত কেলেংকাৰী সংঘটিত কৰাৰ লগত কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিবৰাম ৰমহাঙক সাঙুৰি দিয়া বিষয়টো সন্দৰ্ভত জাঙুৰ খাই উঠে বিজেপি দল।

এই কেলেংকাৰীত পৰিষদৰ কোনো বিষয়া-কর্মচাৰী পর্যন্ত জড়িত নাই বুলি সংবাদমেলত দাবী কৰি বিষয়টোৰ সৈতে অনর্থকভাবে পৰিষদক সাঙুৰি অনা হৈছে বুলি উল্লেখ কৰে।
এই কেলেংকাৰী বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে গোচৰ লৈ মুন ইংতিপীক গ্ৰেপ্তাৰ কৰিছিল আৰু মুন ইংতিপী বর্তমান জামিনত মুক্ত হৈ আছে বুলি উল্লেখ কৰি আদালতৰ গোচৰাধীন এটা বিষয় পুনৰ ৰাজহুৱা মঞ্চত উত্থাপন কৰাটো তীব্র সমালোচনা কৰে জিলা বিজেপি দলে।
আনহাতে, কাটছা নামৰ এনজিঅ’টোৱে পৰিষদৰ অধীনত বহু পট্টা থকা লোকে পট্টা নোপোৱা আৰু আন লোকক অবৈধভাবে পট্টা প্ৰদানৰ যি অভিযোগ আনিছে সেয়া সম্পূর্ণ ভিত্তিহীন আৰু মনে সজা আখ্যা দিয়ে সংবাদমেলত।
আংলং স্বায়ত্ত শাসিত পৰিষদৰ হাতত ভূমিৰ কর্তৃত্ব থকা বুলি দাবী কৰি কোনো লোকে ২৫ বছৰ আগতে ভূমি লীজত দিয়া সন্দর্ভত বর্তমান পৰিষদখন কেনেকৈ অবগত হ’ব বুলি প্রশ্ন কৰে।
ভূমি সম্পর্কীয় যি কোনো বিবাদ পৰিষদেহে সমাধা কৰিব পাৰে বুলি উল্লেখ কৰি এনে ক্ষেত্ৰত পৰিষদৰ কাষ চাপিবলৈহে ভুক্তভোগীক আহ্বান জনায়। কাটছাই কার্বি আংলঙত শিক্ষাৰ কোনো উন্নতি নোহোৱা সন্দৰ্ভত কৰা দাবী সম্পর্কে কয় যে- পশ্চিম কাৰ্বি আংলঙত এতিয়া বিজ্ঞান শাখাত ১০০ শতাংশ উত্তীর্ণ হৈছে।
শিক্ষাখণ্ডৰ উন্নয়ন নহ’লে এয়া সম্ভব হ’লহেতেন নেকি বুলিও প্রশ্ন কৰে ।
আনহাতে, পৰিষদ বর্তমান বিজেপিত যোগদান কার্যসূচীত ব্যস্ত থকা অভিযোগ সন্দর্ভত কয় যে, বিজেপি এটা ৰাজনৈতিক দল। বিজেপিৰ উন্নয়নমূলক আঁচনিৰ প্ৰতি আকৃষ্ট হৈ দুয়োখন জিলাৰ জনসাধাৰণে এতিয়া বিজেপিত যোগদান কৰিছে।
তেওঁলোকক আদৰণি জনোৱাতো বিজেপিৰ আদর্শ বুলি উল্লেখ কৰি কাটছা এটা গণভিত্তি নথকা কেইজনমান মানুহৰ এনজিঅ আখ্যা দিয়ে বিজেপি দলে। উল্লেখ্য যে আজিৰ এই সংবাদমেলত বিজেপিৰ মুখপাত্র লাইছান ইংলেং, চমাং ক্র’, ছেলাবৰ বে’ আদিয়ে অংশ গ্রহণ কৰে।