বুধবাৰে পুৱা ১১ মান বজাত মা ভাৰতীৰ সুৰক্ষা আৰু ভাৰতীয় সেনাবলক মনোবল বৃদ্ধিৰ উদ্দেশ্যৰে আৰু অপাৰেছন সিন্দুৰক সন্মান জনাই বিজেপিৰ টীম কাৰ্বি আংলঙৰ উদ্যোগত আৰু সধাৰণ নাগৰিকৰ সহযোগত ডিফুত ত্ৰিৰংগা যাত্ৰা বাহিৰ কৰে ৷

অংশ গ্ৰহণকাৰী সকলে হাতে হাতে ত্ৰিৰংগা পতাকা লৈ ভাৰতমাতাৰ জয়গান গাই, ভাৰত জিন্দাবাদ, পাকিস্তান মুৰ্দাবাদ ধ্বনি দি ভাৰতীয় সেনাবলক মনোবল বৃদ্ধি কৰাৰ লগতে দেশ মাতৃৰ প্ৰতি শ্ৰদ্ধা জনায় ৷ চিইএম তুলিৰাম ৰংহাঙৰ নেতৃত্বত ডিফু কাছা ষ্টেডিয়ামৰ পৰা গান্ধী পাৰ্কলৈকে ত্ৰিৰংগা ৰেলী বাহিৰ কৰা হয় ৷
ডিফু কাছা আজিৰ ত্ৰিৰংগা যাত্ৰাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙ, সাংসদ অমৰচিম টিচ’ আৰু বিধায়ক বিদ্যাছিং ইংলেঙৰ লগতে ,কাৰ্বি,অসমীয়া, বড়ো ডিমাছা, বেংগলী, মুছলমান,গোৰ্খা, তিৱা, আদি সম্প্ৰদায়, প্ৰাক্তন সৈনিক মঞ্চ আৰু বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী সকলে অংশ গ্ৰহণ কৰে ৷