
শণিবাৰে পুৱা ১০ বজাত ঐতিহ্যমণ্ডিত ডিফু ক্লাৱত ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত ৩০ টা বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ পতাকা উত্তোলনেৰে ৰঙালী বিহু উদযাপন কৰা হৈছে ৷

উল্লেখযোগ্য যে, ১৫, ২৬ আৰু ২৭ এপ্ৰিললৈকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অব্যাহত আছে ৰঙালী বিহু উদযাপন কাৰ্যসূচী ৷ আজি দ্বিতীয় কাৰ্যসূচী অনুসৰি উপস্থিত থাকে ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙ ৷ আজিৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলনৰ পাছতেই বিহু বলীয়া ৰাইজে বাপতি সাহোন ৰঙালী বিহুটিৰ কাৰ্যসূচীত ডিফু ক্লাৱত সমবেত হয় ৷
ইয়াৰ পিছতে চেমনীয়া ডেকা-গাভৰুৱে আকৰ্ষণীয় বিহু নৃত্য প্ৰদৰ্শন কৰি উপস্থিত বিহু বলিয়া ৰাইজক আপ্লুত কৰে ৷ ইয়াৰ পাছত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰাতৃকৃতিত মাল্যাৰ্পণ কৰাৰ লগতে পহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ সকলৰ লগতে ডিফুৰ উদীয়মান ঢুলীয়া প্ৰয়াত অৰিন্দম কুমাৰৰ সোঁৱৰণত বন্তি প্ৰজলনৰ লগতে ১ মিনিট সময় মৌন ধাৰণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলী নিবেেদন কৰা হয় ৷
ইয়াৰ পাছত অনুষ্ঠিত হয় প্ৰাইজমনি হিমলা বৰা সোঁৱৰণি লাড়ু পিঠা প্ৰতিযোগিতা , সন্ধিয়াৰ ভাগত লাংহিনৰ সাহিত্য অকাডেমি বঁটা প্ৰাপক ড: প্ৰেমানন্দ মুছাহাৰী আৰু ডিমাছা সাংস্কৃতিক কৰ্মী কিছমত হাষ্ণুচাক সম্বৰ্ধনা জ্ঞাপনৰ লগতে শিক্ষাৰ্থী প্ৰতিভা সন্ধানী বঁটা প্ৰদান আৰু বিহু নাম প্ৰতিযোগিতা অনুষ্ঠিত হব ৷













