
শুকুৰবাৰে পুৱা প্ৰায় ৭ বজাত ডিলাই আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত ডিলাই ৬ মাইল ফৰেষ্ট বিট অফিচৰ সন্মূখত বৃহৎ পৰিমানৰ সন্দেহ যুক্ত কানি সহ তিনিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

ডিলাই আৰক্ষীয়ে চলোৱা নিয়মীয়া নাকা তালাচীৰ সময়ত ডিমাপুৰৰ পৰা ডিলাই অভিমুখে আহি থকা CG 15EB 1846 নম্বৰৰ ১৬ চকীয়া ট্ৰাকত আৰক্ষীয়ে পৰীক্ষা কৰোতে ট্ৰাকখনৰ ষ্টিয়াৰিঙৰ ডেছ বোৰ্ডৰ ভিতৰত লুকুৱাই অনা ৮ টা প্লাষ্টিকৰ পেকেটত লুকুৱাই অনা ৭’ ৫০০ গ্ৰাম সন্দেহ যুক্ত কানি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
কানিখিনি সৰবৰাহৰ লগত জড়িত বিহাৰৰ ৰাজেন্দ্ৰ ছাহু, ৰামচৰিত ছাহু আৰু সুৰজ যাদৱক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷
আনহাতে উদ্বাৰ হোৱা কানিখিনি নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে জব্দ কৰি এই সন্দৰ্ভত ডিলাই থানাত এক গোছৰ ৰুজো কৰা হৈছে বুলি জানিব পৰা গৈছে ৷













